
সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি কমনৱেলথত সোণৰ পদক আজুৰি অনা নয়নমণি শইকীয়া আজি গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈত উপস্থিত হয়।নয়নমণিক অসম লন বল সন্থা, অসম অলিম্পিক সন্থা, অসম ক্ৰীড়া সঞ্চালকালয়, বন বিভাগকে ধৰি বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়।
পৰৱৰ্তী সময়ত, খেলুৱৈগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ জনতা ভৱনত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে নয়নমণি শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু তেওঁৰ সৈতে বিভিন্ন কথাত মত-বিনিময় কৰি আগন্তুক খেল প্ৰতিযোগিতাৰ বাবে শুভকামনা জ্ঞাপন কৰে।
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, মুখ্যমন্ত্ৰীয়ে কমনৱেলথ গেমছত স্বৰ্ণবিজয়ী নয়নমণিক অসম ক্ৰীড়া নীতি অনুসৰি উচ্চ পদস্থ চৰকাৰী চাকৰিৰ প্ৰস্তাৱ আগবঢ়ায়। বৰ্তমান বন বিভাগত কনিষ্টবলৰ চাকৰি কৰি থকা লন বল খেলুৱৈগৰাকীক অসম চৰকাৰৰ আৱকাৰী অথবা কৰ বিভাগৰ উচ্চ পদবী দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীক সাক্ষতৰ সময়ত নয়নমণিক সংগ দিয়ে তেওঁৰ স্বামী ভাস্কৰজ্যোতি গোহাঁই, কন্যা তনয়া, অসম লনবল সন্থাৰ অধ্যক্ষ দুৰ্গা দাস বড়ো, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আদিয়ে।
সন্ধিয়া তেওঁক সৰুসজাই ষ্টেডিয়ামত অসম লন বল সন্থাই বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে, সৰুসজাই ষ্টেডিয়ামৰ লন বল গ্ৰাউণ্ডতে বছৰ বছৰ ধৰি অনুশীলন চলাই নয়নমণিয়ে কমনৱেলথ গেমছত সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। এই গ্ৰাউণ্ডত উপস্থিত হৈ আজি খেলুৱৈগৰাকী আৱেগিক হৈ পৰে।













