
দৰঙৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰয়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনৰ লগতে ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই ৰয়ক কৰা হৈছে নিলম্বন।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আদিবাসী বনকৰা যুৱতী এগৰাকীৰ মৃত্যু তদন্ত কৰিলৈ জিলাখনৰ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল যদিও সেই নিৰ্দেশক অৱমাননা কৰে তেওঁলোকে। ফলত কঠোৰ পদক্ষেপ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ইতিমধ্যে যুৱতী গৰাকীৰ মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছে এছ আই টি।লগতে ঢেকীয়াজুলিৰ দৰিদ্ৰ পৰিয়ালটোলৈ চৰকাৰী আঁচনিৰ বাসগৃহৰ লগতে আৰুণোদয় আঁচনিত আন্তৰ্ভূক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত ৰহস্যজনক অৱস্থাত ঢেকীয়াজুলিৰ প্ৰজা পথাৰ গাঁৱৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছিল।ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ প্ৰকাশ পোৱাৰ পিছতে বিষয়টো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছিল।












