![]()
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ১৩ গৰাকী আৰক্ষী বিষয়া তথা কনিষ্টবললৈ “ৰাষ্ট্ৰপতিৰ আৰক্ষী সন্মান” বঁটা প্ৰদান কৰা হ’ব।বঁটাপ্ৰাপক আৰক্ষী বিষয়া সকল হৈছে ক্ৰমেঃ আৰক্ষীৰ উপ আয়ুক্ত দিগন্ত কুমাৰ চৌধুৰী (গুৱাহাটী), এ.পি.আৰ.অ’ উলুবাৰীৰ আৰক্ষী অধীক্ষক (কামাণ্ডো) বিৰাজ দাস (গুৱাহাটী), মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ উপ-আৰক্ষী অধীক্ষক অমৃত চন্দ্ৰ কলিতা (গুৱাহাটী), তিনিচুকীয়াৰ পৰিদৰ্শক অসীম বৰা (ইউ বি), চি আই ডিৰ পৰিদৰ্শক জয়ন্ত কুমাৰ বৰ্মন।
চি আই ডিৰ সহকাৰী উপ-পৰিদৰ্শক (ইউ বি) দেবেন্দ্ৰ নাথ দাস, প্ৰথম এ পি টি এফ বেটেলিয়ানৰ লেঞ্চ নায়ক পূৰ্ণ চন্দ্ৰ দাস, কাৰ্বি আংলঙৰ লেঞ্চ নায়ক কমল ছেত্ৰী, নৱম অসম আৰক্ষী বেটেলিয়ানৰ লেঞ্চ নায়ক খগেশ্বৰ নাথ, নৱম অসম আৰক্ষী বেটেলিয়ান বঢ়মপুৰৰ দিপক ভূঞা, বাক্সা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ কণিষ্টবল (ইউ বি) দন্দধৰ ব্ৰহ্ম, নলবাৰী আৰক্ষী নিবেশৰ কণিষ্টবল (ইউ বি) ৰঞ্জিত শৰ্মা, তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভৰ কণিষ্টবল জোনমণি কুৰ্মী আৰু চি আই ডিৰ মহিলা কণিষ্টবল দিপালী গগৈ।












