![]()
দীৰ্ঘদিনৰ বিৰতিৰ পিছত বুধবাৰৰ পৰা পুনৰ অসমত আৰম্ভ হব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ বিৰোধী আন্দোলন।সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীত গঢ়ি তুলিব আন্দোলন।গুৱাহাটীৰ লতাশিলস্থিত শ্বহীদ ন্যাসৰ পৰা কা’ বিৰুদ্ধে আছুৱে বাহিৰ কৰিব বিশাল ৰেলি।
এই কথা জনাইছে আছু শীর্ষ নেতৃত্বই।উল্লেখ্য নেছ’ আহ্বানত আছুৱে ৰূপায়ণ কৰিব কা’ প্ৰত্যাহাৰ দাবীত বিশাল ৰেলি।উত্তৰ-পূর্বৰ প্ৰতি ৰাজ্য ৰাজধানী চহৰত ৰূপায়ণ হব এই আন্দোলন।তাপৰ্যপূৰ্ণ কথা যে শেহতীয়া ভাৱে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে কা’ৰ কাৰ্যকৰী কৰিব বুলি দাবী কৰি আহিছিল।
আনহাতে কোভিডৰ বাবে বিগত প্ৰায় দুবছৰে স্তব্ধ হৈ আছিল ৰাজ্যত কা’ৰ আন্দোলন।ইফালে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৩ঘন্টা বাবে ৰূপায়ণ কৰিব ৰেলি।













