![]()
বুধবাৰে গঠন কৰা ভাৰতীয় জনতা পাৰ্টিৰ “কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড” আৰু “কেন্দ্ৰীয় নিৰ্বাচনী সমিতি” ত অন্তৰ্ভূক্তি লাভ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা কৃতজ্ঞতা জ্ঞাপন কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি.নাড্ডাক।
১১ জনীয়া সমিতিখনত অন্তৰ্ভূক্ত লাভ কৰা পিছত সৰ্বানন্দ সোণোৱালে আনন্দ প্ৰকাশ কৰি কয় যে, “মোক যি বিশ্বাসেৰে দলৰ স্বাৰ্থত কাম কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছে, সেয়া মই অতি নিষ্ঠা সহকাৰে সদায় পালন কৰি যাম। মই কেন্দ্ৰীয় সংসদীয় সমিতিত মোক স্থান দিয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ জে পি নড্ডাক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছো।”
উল্লেখ্য যে, বিজেপিৰ সংসদীয় সমিতিখনত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অধ্যক্ষ হিচাপে থাকিব জে পি নড্ডা। আনহাতে, সমিতিৰ সচিব হিচাপে থাকিব বি এল সন্তোষ।
এইবাৰ বিজেপিৰ কেন্দ্ৰীয় সমিতিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েদেয়ুৰাপ্পা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্থান প্ৰদান কৰাৰ বিপৰীতে সমিতিৰ পৰা অপসাৰণ কৰা হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিজেপিৰ প্ৰাক্তন অধ্যক্ষ নীতিন গাডকাৰীক।













