![]()
লম্পট বেজাৰ কবলৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী মহিলা। জানিব পৰা মতে, শৰীৰৰ বিষত ভুক্তভোগী এগৰাকী মহিলাই গোৰেশ্বৰৰ চাহজুল আলী নামে এটা লম্পট বেজৰ পৰা চিকিৎসা কৰাৰ মানস কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত, লম্পট বেজে অশ্লীলভাৱে মহিলাগৰাকীৰ আপত্তি জনক স্থান স্পৰ্শ কৰে।
ফলত মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰে আৰু বেজে পলায়ন কৰে।সেই সময়তে স্থানীয় লোকে বেজক কৰায়ত্ব কৰি বাইহাটা চাৰিআলি আৰক্ষীক গটাই দিয়ে। পিছলৈ মহিলা গৰাকীয়েও আৰক্ষী চকীত নিশাই এখন এজাহাৰ দাখিল কৰে।












