![]()
ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ নিয়ম নীতি ভঙ্গৰ লগতে হেমাহিৰ অভিযোগত শিলচৰত গ্ৰেপ্তাৰ কলেজ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক।কাছাৰ জিলাৰ উপায়ুক্ত ৰোহন কুমাৰ ঝায়ে তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় কাছাৰ কলেজৰ অধ্যক্ষ গৰাকীক।
ৰাজ্যখনৰ যোগ্য যুৱক-যুৱতী সকলক নিকা আৰু স্বচ্ছভাৱে চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চেষ্টা চলোৱাৰ প্ৰথমদিনাই শিলচৰৰ কাছাৰ কলেজ পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্য তথা অধ্যক্ষ গৰাকীয়ে পৰীক্ষাৰ্থী সকলৰ বাবে কেন্দ্ৰটো পুৱা ৮ বজালৈ খোলা হোৱা নাছিল। তদুপৰি, অধ্যক্ষ গৰাকীয়ে কোনো কৰ্মচাৰীৰ লগত যোগাযোগ কৰা নাছিল। পিছত খবৰ পাই কলেজত উপস্থিত হয় জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা। কিন্তু তেতিয়াও কলেজত উপস্থিত হোৱা নাছিল অধ্যক্ষ গৰাকী । পাছত খবৰ দি অনা হয় অধ্যক্ষক ।
উপায়ুক্ত ৰোহন কুমাৰ ঝায়ে কয়, “পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অধ্যক্ষ গৰাকীয়ে কোনো ধৰণৰ সহযোগ কৰা নাছিল। কাছাৰ কলেজ কেন্দ্ৰত ১২০০ গৰাকী পৰীক্ষাৰ্থী আছিল। পৰীক্ষাৰ সকলো নিয়ম-নীতি পৰিকল্পিতভাৱে উল্লেখ কৰা হৈছিল যদিও কাছাৰ কলেজৰ অধ্যক্ষই কোনো ধৰণৰ নিয়ম মনা নাছিল।এনে অভিযোগ পোৱাৰ পিছত উপায়ুক্তই অধ্যক্ষ নাথক ফোন কৰাৰ পিছত তেখেতে কথা কটাকটি কৰে।
ইয়াৰ পিছতেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছোঁ। ইপিনে অভিযোগ মতে, উপায়ুক্ত ঝায়ে কাছাৰ কলেজৰ আন এগৰাকী অধ্যাপক স্বদেশৰঞ্জন দাসক শাৰীৰিক নিগ্রহ কৰিছে। প্রশ্ন আনিবলৈ নির্দিষ্ট সময়ৰ বহুত দেৰিকৈ গৈছিল কাছাৰ কলেজৰ অধ্যাপক স্বদেশৰঞ্জন দাস৷ উপায়ুক্তই দেৰি হোৱাৰ কাৰণ সোধাত তেওঁ অযুক্তিকৰ নানান কাৰণ দেখুৱাইছিল।
ইপিনে উক্ত ঘটনা সন্দৰ্ভত চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বৰাক উপত্যকাৰ পর্যবেক্ষক ডাঃ এছ লক্ষ্মণনে কয় যে, “ঘটনাৰ সময়তে তেওঁ উপায়ুক্তৰ ওচৰতে আছিল।কোনো ধৰণৰ শাৰীৰিক নিগ্রহৰ ঘটনা ঘটা নাই। পৰীক্ষাৰ বিপৰীতে কাছাৰ কলেজ কর্তৃপক্ষৰ চৰম অসহযোগিতা আৰু অনিয়ম সম্পূৰ্ণ সচাঁ বুলি উল্লেখ কৰে লক্ষ্মণনে।
উল্লেখ্য যে, কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাজ্য খনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ভিডিও কনফাৰেন্সৰ মাধ্যমত পৰীক্ষাস্থলী আৰু ইয়াৰ আশে-পাশে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰি পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসমূহক নিৰ্দেশনা প্ৰদান কৰিছিল।












