![]()
ইয়ং ব্ৰিগেড, বোকাখাত অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ উদ্যোগত আৰু জিতু শইকীয়া ফাউণ্ডেচনৰ সহযোগত নুমলীগড়ৰ লৱনঘাটত যোৱা এমাহ ধৰি চলি থকা বিনামূলীয়া সমৰকলা প্ৰশিক্ষণৰ যোৱা ২১ আগষ্টত সফল সামৰণি পৰে। এই সমৰকলাৰ কৰ্মশালাত নুমলীগড় অঞ্চলৰ প্ৰায় দেৰ শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট সমৰকলাবিদদ্বয় ক্ৰমে তৰুণ কাকতি আৰু ৰূপজ্যোতি বৰবৰাই। এই সমৰকলা কৰ্মশালাৰ সামৰণিৰ বাবে আয়োজিত অনুষ্ঠানত প্ৰশিক্ষক তৰুণ কাকতি, ৰুপজ্যোতি বৰবৰা, বিশিষ্ট সমাজকৰ্মী ৰাজেন ৰাজখোৱা, বিপ্লব শইকীয়া, স্মৃতিৰেখা তামুলী, মামন বড়ো, লৱনঘাট গাঁওৰক্ষী বাহিনীৰ সঞ্জীৱ ভঁৰালী, বিশিষ্ট সমাজকৰ্মী বিশ্বজিৎ দত্ত, ইয়ং ব্ৰিগেড, বোকাখাতৰ সভাপতি ৰাজা ঢেকিয়াল ফুকন, ইয়ং ব্ৰিগেড, অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ কাৰ্য্যকৰী সভাপতি তথা জিতু শইকীয়া ফাউণ্ডেচনৰ অধক্ষ্য জিতু শইকীয়াকে আদি কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে বোকাখাতৰ সুযোগ্য যুৱনেতা তথা অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল, ইয়ং ব্ৰিগেডৰ কাৰ্য্যকৰী সভাপতি জিতু শইকীয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা আৰু তৎপৰতাত বোকাখাতৰ বিভিন্ন প্ৰান্তৰ ছয়টাৰো অধিক কৰ্মশালাৰ আয়োজনেৰে প্ৰায় হাজাৰোধিক ছাত্ৰছাত্ৰীক বিনামূলীয়াকৈ লোকসংগীত, অভিনয়, সংগীতৰ প্ৰশিক্ষণ দিয়া হৈছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটি সেৱা দল ইয়ং ব্ৰিগেডৰ কাৰ্য্যকৰী সভাপতি জনৰ এনে জনমুখী তৎপৰতা আৰু বোকাখাত ইয়ং ব্ৰিগেডৰ সভাপতি ৰাজা ঢেকিয়াল ফুকনৰ নেতৃত্বত বোকাখাত ইয়ং ব্ৰিগেডে ৰাইজৰ বাবে কৰা এনে সেৱামূলক প্ৰয়াসক ৰাইজে আকোঁৱালি লোৱা দেখা গৈছে। অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল ইয়ং ব্ৰিগেডৰ এনে তৎপৰতাই যুব প্ৰজন্মক ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৰ প্ৰতি আকৰ্ষিত কৰা দেখা গৈছে বুলি চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।













