![]()
মধ্যপ্ৰদেশৰ উজ্জয়িনত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত ৪ জনকৈ ১০-১৫ বছৰীয়া ছাত্ৰই মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। সোমবাৰে পুৱা এখন স্কুল ভেন আৰু এখন ট্ৰাকৰ মাজৰ মুখামুখি সংঘৰ্ষত এই ঘটনা সংঘটিত হয়। ১১ জন ছাত্ৰ-ছাত্ৰীৰ লগতে ট্ৰাকৰ চালক দুজনো গুৰুত্বৰভাৱে আহত হয়।
ছাত্ৰ কেইজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি নিকটৱৰ্তী উজ্জয়িন, নাগধা আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱায়। চিকিৎসাধীন অৱস্থাতেই ৪ গৰাকী ছাত্ৰৰ মৃত্যু হয়।ঘটনাস্থলীত জিলা উপায়ুক্ত আশীষ সিং উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
উজ্জয়িনৰ আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ শুক্লাই জানিবলৈ দিয়া মতে, নাগদাৰ ফাতিমা কনভেণ্ট এখন স্কুল ভেন পুৱা ছাত্ৰ-ছাত্ৰীক লগত লৈ বিদ্যালয় অভিমুখে গৈ থকা সময়তে উনহেল চহৰৰ জিৰনিয়া ফাটাত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে। যাৰ ফলত স্কুল ভেনখনত ছাত্ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল গুৰুতৰভাৱে আহত হয়। আনহাতে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।












