![]()
আজি ৰাজ্যত পুনৰ বাৰ আটক ৰোহিংগীয়া মুছলমান। ত্ৰিপুৰাৰ পৰা অহা 15663 UP আগৰতলা-শিলচৰ এক্সপ্ৰেছৰ ৰে’ল নং 15663 ৰ পৰা শিলচৰলৈ যাত্ৰা কৰাৰ পথত বদৰপুৰ ৰে’ল ষ্টেচনত আৰ পি এফে চলোৱা অভিযানত ৬ গৰাকী যুৱতী আৰু ১ জন পুৰুষক আটক কৰে।
পৰৱৰ্তী সময়ত বিভাগীয় নীতি-নিয়ম অনুসৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে। উল্লেখ্য যে, ৩ দিন পূৰ্বেও বদৰপুৰ ৰে’ল ষ্টেচনতেই জম্মু-কাশ্মীৰৰ পৰা অসমত প্ৰৱেশ কৰা ২ ৰােহিংগীয়াক আটক কৰিছিল ভাৰতীয় সেনাৰ চােৰাংচােৱা শাখাই।












