![]()
২০২২ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ আৰু শিশু সাহিত্য পুৰস্কাৰ বিজয়ীৰ নাম ঘোষণা কৰা হৈছে। সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ বাবে যুৱ বঁটা লাভ কৰিছে প্ৰদ্যুম্ন কুমাৰ গগৈয়ে। তেওঁ ‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থখনৰ বাবে এই বঁটা লাভ কৰে।
ইয়াৰ উপৰি বড়ো ভাষাৰ সাহিত্য অকাডেমীৰ যুৱ বঁটা লাভ কৰিছে আলংবাৰ মুছাহাৰীয়ে। ‘গেং ফুজানাই মাছে দাউ’ (Gang fujanay mase dau) নামৰ গ্ৰন্থখনৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে।
আনহাতে, সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে সংবাদিক তথা। ‘ডাঙৰ মানুহৰ সাধু’ নামৰ গ্ৰন্থখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।ইয়াৰ উপৰি বড়ো ভাষাৰ শিশু সাহিত্য বঁটা ‘লাংৱনানি বোখালি গোথো’ (Langwnani bokhali gotho) নামৰ গ্ৰন্থ খনৰ বাবে লাভ কৰিছে দেওবৰ ৰামছিয়াৰীয়ে।













