![]()
মোৰাঝাৰৰ চাইদুল হত্যা কাণ্ডক লৈ সংবাদ মেল হোজাই আৰক্ষী অধীক্ষকৰ।চাইদুল হত্যাকাণ্ডৰ দুজনক গ্ৰেপ্তাৰ হাইদৰাবাদৰ পৰা।হাইদৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জেনিফা বেগম আৰু হিফজুৰ ৰহমানক।
দুয়োকে আজি শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰা হয়।যোৱা ২৮ জুন তাৰিখে ঘৰৰ পৰা মাতি আনি অতি জঘন্য বাবে হত্যা কৰিছিল চাইদুল ইছলামক।
প্ৰেম জনিত কাৰণত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।প্ৰেমিকা জেনিফাৰ ঘৰৰ পাছত পুথি থোৱা অৱস্থাত মাটি খান্দি ওলোৱা হৈছিল চাইদুলৰ মৃতদেহ।
ঘটনাৰ পাছতেই হিফজুৰ ৰহমান ভাৰত এৰি পলায়ন কৰিছিল ডুবাইলৈ।আৰু জেনিফা পলায়ন কৰিছিল হাইদৰাবাদলৈ।পৰবৰ্তী সময়ত ডুবাইৰ পৰা হাইদৰাবাদত জেনিফাৰ সৈতে আত্মগোপন কৰি আছিল হিফজুৰ।
অৱশেষত অসম আৰকীৰ ততপৰতাত হাইদৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুয়োকে।আৰু বহু লোক জালত পৰাৰ সম্ভাৱনা












