![]()
অবৈধভাৱে সীমান্ত অতিক্ৰম কৰি ভাৰতলৈ অহা ৫ জন বাংলাদেশী আটক কৰিলে সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বিএছএফ জোৱান সকলে। দক্ষিণ শালমৰা মানকাছাৰ জিলাত অবৈধভাৱে প্ৰবেশ কৰিবলৈ লওঁতে আটক কৰি সীমান্ত সুৰক্ষী বাহিনীয়ে বাংলাদেশৰ সীমান্তৰক্ষা বাহিনীৰ হাতত গতাই দিয়ে।
ধৃত বাংলাদেশী নাগৰিক কেইজন হ’ল ক্ৰমে সুৰজ মিঞা, জাহিদুল ইছলাম, জাহিদুল ৰহমান, আব্দুল ছালাম আৰু ময়দুল ইছলাম।
আটাইকেইজনে বাংলাদেশৰ গাইবন্ধা জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দুয়োদেশৰ সীমান্ত আৰক্ষীৰ ফ্লেগ মিটিঙৰ অন্তত মানবীয় ভিত্তিত আটাইকেইজনকে বাংলাদেশ সীমান্ত ৰক্ষীৰ হাতত গতাই দিয়া হয়৷












