![]()
যোৱা নিশা ডিব্ৰুগড়ৰ বৰবৰুৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।বৰবৰুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা এচ বি আই বেংকৰ এটা আৰু পাঞ্জাৱ নেচনেল বেংকৰ এটা এটিএম মেছিন গেছ কাটাৰে কাটি জমা থকা সমুদায় ধন চুৰি কৰি লৈ যোৱাৰ লগতে এটিএম দুটা জ্বলাই ভস্মীভূত কৰে।
নিশাৰ ভাগত থানাৰ সমীপতে আৰু ব্যৱসায়িক তথা জনবসতি পূৰ্ণ অঞ্চলত থকা উক্ত দুয়োটা এটিএম এনেদৰে ভাঙি টকা লৈ যোৱাৰ লগতে ডিব্ৰুগড় জিলাৰ সীমাৰ ডিমৌত আন এটা এটিএম একেই পদ্ধতিৰে ভাঙি টকা নিয়াৰ পাছত জ্বলাই দিয়ে।
উল্লেখ্য যে, ধূৰ্ত চোৰে এটিএমত থকা চিচিটিভি কেমেৰাৰ সংযোগ বিছিন্ন কৰি কেমেৰাটো নষ্ট কৰি পেলায়। এটিএমৰ টকা উলিয়াই নিবলৈ চোৰক বহু সময়ৰ প্ৰয়োজন হৈছিল যদিও যদিও নিশাৰ ভাগত পেট্ৰলিং কৰা আৰক্ষীয়ে বা আন স্থানীয় ৰাইজে কেনেদৰে কোনো শুং-সূত্ৰ লাভ নকৰিলে সেয়াও ৰহস্যজনক হৈ পৰিছে।
ইফালে এচ বি আইক এটিএম গৃহ ভাড়ালৈ দিয়া গৰাকীয়ে জানিবলৈ দি কয় যে, যোৱা নিশা শুই থকা অৱস্থাত ঘৰৰ ভিতৰত বহু ধোঁৱাৰ স্বৃষ্টি হয়। প্ৰথমে মিটাৰ শ্বৰ্টচাৰ্কিট হোৱা বুলি ভাবিছিল।কিন্তু ঘৰৰ বাহিৰলৈ ওলাই অহাতহে এটিএম কক্ষৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি তেখেতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া বুলি জানিবলৈ দিয়ে।













