![]()
ডিব্ৰুগড়ত সংঘটিত হৈছে মানৱ সমাজত লজ্জিত কৰা আন এক কাণ্ড। ৭০ বছৰীয়া এটা বৃদ্ধৰ কামনাৰ বলি হ’ল এটি ৬ বছৰীয়া কন্যা শিশু।
ডিব্ৰুগড়ৰ চহৰৰ এক নং পদুম নগৰৰ দুলাল আচাৰ্য ওৰফে বাবুল নামৰ এক ৭০ বছৰীয়া পাষণ্ড বৃদ্ধই নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আজি দুপৰীয়া ভাগত কণী অনাৰ বাবে যোৱা কণমানি দেৱশিশুটোক কোনো নথকা তথা নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি চলাইছিল যৌণ উৎপীড়ন।
ইফালে বহু সময় পৰ্যন্ত নিজ শিশু কন্যাক দেখা নাপাই আত্মীয়ই বহু বিচাৰ-খোচাৰ কৰি অৱশেষত ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ পৰা কান্দি কান্দি কন্যা শিশুটি ওলাই আহিছিল। দোকানৰ ভিতৰত সংঘটিত হোৱা এনে ভয়ংকৰ ঘটনা সন্দৰ্ভত শিশুটিয়ে অৱগত কৰে ঘৰৰ লোকক।
লগে লগে বৃদ্ধ দুলাল আচাৰ্য ওৰফে বাবুল নামৰ পাষণ্ডটোক স্থানীয় ৰাইজে মাধমাৰ সোধাই আৰক্ষীক গটাই দিয়ে। গাভৰুপথাৰ আৰক্ষীয়ে লম্পট দুলাল আচাৰ্যৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।













