![]()
নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া কৃষ্ণাইখাটত আজি দিনত এহাল ভাতৃ-ভগ্নীয়ে পুখুৰীত পৰি মৃত্যুক আকোঁৱালি লয়।বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত কৃষ্ণাইখাটগাঁৱৰ নিবাসী প্ৰদীপ বৰা আৰু পিংকী বৰাৰ এঘাৰ বছৰৰীয়া একমাত্ৰ কন্যা ভূমিকা বৰাই ঘৰৰ পিছফালে থকা এটা পুখুৰীত বৰশী বাই আছিল আৰু তাইৰ লগত ভূমিকাৰ ছবছৰীয়া ভায়েক হিমাংশুো লগতে আছিল ৷
সেইসময়তে, ভূমিকাৰ ভায়েকে পিছলি দ পুখুৰীটোত পৰি যায় আৰু লগে-লগেই বায়েক ভূমিকাই ভায়েকক পানীৰ পৰা তুলি আনিবলৈ বুলি পুখুৰীত জাঁপ দিয়া বুলি সন্দেহ কৰা হয়।
দুখীয়া ঘৰৰ পৰিয়ালটোৰ দুয়োটি সন্তানৰ অকাল মৃত্যুত কৃষ্ণাইখাটত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পিছত বেবেজীয়া আৰক্ষী চকীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুয়ো বায়েক-ভায়েকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷













