![]()
কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিস্থিত নাৰাবাৰীৰ ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক পুনৰ নিষিদ্ধ ঘোষিত কেএলঅ’ৱে ধন দাবী কৰি দিন দুপৰতে গুলীয়াই আহত কৰিছিল। জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই বৰ্তমান কেএলঅ’ৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰাৰ পিছতো কেএলঅ’ই নিজৰ অস্তিত্ব জাহিৰ কৰি জিলাখনত বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰা কাৰ্যই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ৪ জুনত ক্ষুদ্ৰ ব্যৱসায়ীক দাবী কৰা ধন নাপাই কে এল অ’ সদস্যই গুলীয়াই আহত কৰা ঘটনাত জড়িত সন্দৰ্ভত মডেলসহ কেইবাগৰাকীক আৰক্ষীয়ে আটক কৰিছিল যদিও যোৱা ৮ ছেপ্টেম্বৰৰ পুৱা কেএল অ’ৱে হোৱাটছএপ ক’ল যোগে ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ পৰা পুনৰ দুই লাখ টকা ধন দাবী কৰিছে ৷
উল্লেখ্য যে, পূৰ্বে এই গৰাকী সুনীল মণ্ডলক কেএল অ’ৱে ফোন যোগে কমতাপুৰ অঞ্চলত বাস কৰা বাবে কৰৰ বাবদ এক লাখ টকা দাবী কৰিছিল আৰু তেওঁ উক্ত ধনৰাশি আদায় দিবলৈ অপৰাগ হোৱা বাবে তেওঁক গুলীওৱা হৈছিল। তেনেক্ষেত্ৰত পুনৰ তেওঁক ধন দাবী কৰাত ব্যৱসায়ী আৰু ব্যৱসায়ীগৰাকীৰ পৰিয়ালত তীব্ৰ আতংকত ভোগাৰ লগতে তেওঁৰ পৰিয়ালে ঘৰ-বাৰী এৰি পৰিয়ালসহ সম্প্ৰতি গোসাঁইগাঁওস্থিত জীয়েকৰ ঘৰত আশ্ৰয় লৈ আছে ৷
ইপিনে ঘটনা সংক্ৰান্তত চেৰফাংগুৰিৰ আৰক্ষীয়ে যোৱা নিশা দুজন কেএল অ’ৰ লিংক মেন আটক কৰিছে ৷ আটকাধীন দুজন হৈছে ক্ৰমে চেৰফাংগুৰিৰ নাৰাবাৰীৰ বিষ্ণু ৰায় ( ২৩ ) আৰু তাপস ৰায় (২১ )৷ আনহাতে, ৬ জুনত কে এল অ’ৰ এগৰাকী মডেল ভগ্নীসহ ছজনক আৰক্ষীয়ে আটক কৰিছিল ৷
ইয়াৰে উত্তম ৰায় আৰু নিখিল দাসৰ বাদে বাকী কেউজনে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি ব্যৱসায়ী সুনীল মণ্ডলৰ ঘৰৰ আশে-পাশে আৰক্ষী আৰু চিআৰ পিএফ বাহিনীয়ে নিৰাপত্তা প্ৰদান কৰিছে।












