![]()
বিগত বৃহস্পতিবাৰৰ দিনটোত ৰঙিয়া আৰক্ষীয়ে ৫ কোটি টকা মূল্যৰ বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ পিছতেই আজি এটা কাছ উদ্ধাৰ কৰে। বন্যপ্ৰাণী সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আজাৰাস্থিত কুঁৱৰী গাঁৱৰ হিতেশ কুমাৰ দাসৰ বাসগৃহৰ কাছ এটাৰ লগতে ১০ টা পিঞ্জৰা উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে, বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে কেংগেৰু-চিম্পাঞ্জী সহ ৪১ টা বন্যপ্ৰাণী জব্দ কৰিছিল আৰু এই বন্যপ্ৰাণী সমূহ আজাৰৰ কুঁৱৰী গাঁৱৰ হিতেশ কুমাৰ দাসৰ ঘৰটোত খাদ্য খুওৱা আৰু জিৰণিৰ বাবে ভাড়াত লৈছিল। উদ্ধাৰ হোৱা কাছটো ইতিমধ্যে ৰানী বন বিভাগক গতাই দিয়া হৈছে













