![]()
কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত ৰাজাপাৰা চ’কত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় প্ৰায় ১৭ গৰাকী যাত্ৰী। গুৱাহাটী অভিমুখী এএচ-০১ / এল চি – ৯০৪১ নম্বৰৰ আল্ট্ৰা বাছ এখনে বিপৰীত দিশৰপৰা আহি থকা এএচ-১৮ /এফ-৭৪৯১ নম্বৰৰ পালচাৰ বাইক এখনক বচাবলৈ গৈ পথৰ দাঁতিত থকা গছ এজোপাত তীব্ৰ বেগেৰে খুন্দিয়ায়।
বাছখনৰ চালক সহ আঘাতপ্ৰাপ্ত ১৭ গৰাকী যাত্ৰীক স্থানীয় ৰাইজে ততাতৈয়াকৈ বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱায়। উল্লেখ্য যে, উক্ত আঘাতপ্ৰাপ্ত সকলৰ মাজৰ চালক গৰাকীকে ধৰি আন ৪ জনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে, পালচাৰ বাইক আৰোহীৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি নাই হোৱা।












