![]()
শিলচৰৰ কাছাৰ কলেজত অব্যাহত আছে তীব্ৰ উত্তেজনা। এদল উদণ্ড যুৱকে কলেজৰ সন্মুখত অধ্যাপক-অধ্যাপিকাক অশ্লীল বাক্যৰে গালি-গালাজ।কৰাৰ লগতে ইয়াৰ প্ৰতিবাদ কৰাত মাৰ-পিট আৰম্ভ কৰে।
খবৰনুসৰি, অসম কলেজ টিচার্স এচ’চিয়েশ্যনৰ (এচিটিচি) কাছাৰ কলেজ ইউনিটৰ অধ্যাপক, অধ্যাপিকা সকলে আজি কলেজত এখন সভা সমাপ্ত কৰি বিভিন্ন দাবী লৈ অধ্যক্ষ সিদ্ধাৰ্থশংকৰ নাথৰ ওচৰত যোৱাৰ সময়তে অধ্যক্ষৰ কক্ষত থকা কেইবাজনো ছাত্ৰ কক্ষৰ পৰা ওলাই আহি এচিটিচি মুৰ্দাবাদ ধ্বনি দিয়া আৰম্ভ কৰে।
মুৰ্দাবাদ ধ্বনি শুনি এচিটিচি ৰ কাছাৰ কলেজ ইউনিটৰ অধ্যাপক- অধ্যাপিকা সকল বাহিৰৈ অহাৰ পিছত উদণ্ড ছাত্ৰৰ দলটোৱে কলেজৰ অধ্যাপক আৰু অধ্যাপিকা সকলক অশ্লীল গালিগালাজ আৰম্ভ কৰাৰ উপৰিও ইয়াৰ প্ৰতিবাদ কৰাত অধ্যাপক তথা অধ্যাপিকা সকলৰ ওপৰত আক্ৰমণ চলায় ।
এই ঘটনাৰ সমগ্ৰ দৃশ্যাংশ তাত থকা এগৰাকী চিত্ৰ সাংবাদিকে কেমেৰাত বন্দী কৰিছিল যদিও উক্ত দলটোৰ মাজৰ নীতিশ তিৱাৰী নামে এজন যুৱকে সাংবাদিক জনৰ কেমেৰা কাঢ়ি লৈ গৈ সমষ্ট ভিজুৱেল ডিলিট কৰি দিয়ে।
পৰৱৰ্তী সময়ত, কলেজত উপস্থিত হোৱা আৰক্ষীৰ বাহিনীয়ে ঘটনাৰ লগত জড়িত কেইবাজনো ছাত্ৰক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আটক হোৱা ছাত্ৰ কেইজন এবিভিপি ৰ বুলি জানিব পৰা গৈছে ৷ এই সমগ্ৰ ঘটনা লৈ এচিটিচি ৰ কাছাৰ কলেজৰ ইউনিটে শিলচৰ সদৰ থানাত এটা গোচৰ ৰুজু কৰিছে । সমগ্ৰ ঘটনাৰ লগত কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থশংকৰ নাথ জড়িত আছে বুলি অভিযোগ কৰে এচিটিচি ৰ সদস্য সকলে ৷












