![]()
তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমামূৰীয়া মালৌ গাঁৱত থকা এটি অবৈধ কয়লা খনিত ৩ শ্ৰমিকৰ মৃত্যুৰ পিছত অসমৰ আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছে। আজি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো, লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকন আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে আজি অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে উক্ত কয়লা খনিটোৰ ডেভিদ নগাৰ দুই সহযোগী ক্ৰমে ছফিকুল ইছলাম আৰু হজৰত ওচমান।
অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত আত্মগোপন কৰি আছিল এই দুই ধৃত। উল্লেখ্য যে, আন এজন ডেভিড নগা গৰাকী এতিয়াও পলাতক অৱস্থাত আছে।এই কয়লাখনিটোত কৰ্মৰত মৃত্যুক আকোঁৱালি লোৱা তিনি শ্ৰমিকৰ মৃতদেহ গাত খান্দি পুতাত ব্যৱহ্যত দুখন জেচিবি মালৌ পাহাৰত ঘন জংঘলত লুকাই থোৱাৰ পৰা উদ্ধাৰ কৰাৰ লগতে জেচিবিৰ এজন ড্ৰাইভাৰোকো আটক কৰে আৰক্ষীয়ে।
আৰক্ষীৰ তৎপৰতাৰ পাছত মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ অবৈধ কয়লা ব্যৱসায়ী সকলৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।জানিব পৰা মতে, আন জিলাৰ পৰা অহা সকলো শ্ৰমিক ইতিমধ্যে গৃহভিমুখী হৈছে। ইতিমধ্যে ঘটনাৰ সম্পৰ্কত কয়লা মাফিয়া সহ মুঠ ৮ জনক জেল হাজোতলৈ পূৰ্বে প্ৰেৰণ কৰা হৈছিল।
ইয়াৰ লগতে, আজিৰ ৩ জন লগাই উক্ত ঘটনাৰ সংক্ৰান্তত আটক হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পায়। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত ব্যাপক তদন্তৰ লগতে সক্ৰিয় অভিযান অব্যাহত ৰাখিছে বুলি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰে আজি সংবাদমাধ্যমক জানিবলৈ দিয়ে।উল্লেখ্য যে, আৰক্ষী অভিযানৰ মাজতেই লিডু বৰগোলাই অঞ্চলৰ বহু কুখ্যাত কয়লা চোৰে আত্মগোপন কৰিছে বুলি সূত্ৰত প্ৰকাশ কৰা হৈছে।













