![]()
শনিবাৰে নগাঁৱৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ আয়োজিত এক সভাত আনুষ্ঠানিকভাৱে বিশিষ্ট সাহিত্যিক য়েছে দৰজি ঠংচিক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰা হয়।
অসম চৰকাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত প্ৰদান কৰা এই বঁটাত আছে এখন স্মাৰক, শৰাই, চেলেং আৰু নগদ ধন। বঁটা গ্ৰহণ কৰি সাহিত্যিক নিজ ভাষণ প্ৰসংগত কয় যে, “অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে কাম কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ নামত উৎসৰ্গিত এই সন্মান লাভ কৰি মই আনন্দিত হৈছোঁ ৷
সাহিত্যচৰ্চাৰ সৈতে জড়িত হোৱাৰ বাবে নিজৰ সাহিত্য কৰ্ম বিদ্যালয় , মহাবিদ্যালয় সমূহক উপহাৰ হিচাপে আগবঢ়াবলৈ ইচ্ছুকতা প্ৰকাশ কৰা সাহিত্যিক ঠংচিয়ে কয় যে প্ৰতিভা হেঁচা দি ৰাখিব পৰা নাযায় ৷ বাধা প্ৰদান কৰি প্ৰতিভাক হেঁচা দি ৰাখিব নোৱাৰি ৷ প্ৰতিভা বিকাশ হ’বই ৷”
সভাত উপস্থিত থাকি শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে আনন্দৰাম ঢেকিয়াল ফুকনৰ নামেৰে বঁটা প্ৰদান কৰি শিক্ষানুষ্ঠানটিয়ে মহান কাম কৰা বুলি কোৱাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত খালী থৈ থকা অধ্যক্ষ পদ পূৰণৰ ব্যৱস্থা কৰা হ’ব বুলি তেখেতে উল্লেখ কৰে। স্থায়ী অধ্যক্ষ নিয়ুক্তিৰ বাবে চাৰ্ভিচ ৰ’ল প্ৰস্তুত কৰি থকা আৰু
গুনোৎসৱত এ গ্ৰেড লাভ কৰা বিদ্যালয়ক ২৫ হাজাৰকৈ আগবঢ়োৱাৰ কথা ব্যক্ত কৰে। মন্ত্ৰী পেগুৱে। আনহাতে, ৰাজ্যৰ ৮৮৫ খন বিদ্যালয়ক হায়াৰ চেকেণ্ডাৰীলৈ উন্নিত কৰা হ’ব বুলি উল্লেখ কৰে ৷ ইতিপূৰ্বে ২১৫ বিদ্যালয়ক হায়াৰ চেকেণ্ডাৰীলৈ উন্নীত কৰা হৈছে বুলি কয় মন্ত্ৰী গৰাকীয়ে।












