![]()
সোপাধৰাৰ সন্দৰ্ভত বিভিন্ন উৰা-বাতৰিয়ে খলকনিৰ সৃষ্টি কৰিছে। যোৰহাটত শেহতীয়াকৈ আৰক্ষীয়ে ইতিমধ্যে ছ’চিয়েল মিডিয়াৰ যোগেদি এনে উৰা বাতৰি বিয়পোৱা বিভিন্ন লোকৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে দুজন যুৱক আৰক্ষীৰ জালত পৰিছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা যোৰহাট মিছন হাস্পাতালৰ সমীপত এজন যুৱকক সোপাধৰা বুলি ভাবি কেইবাগৰাকীও যুৱকে মাৰধৰ কৰে। উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুই যুৱক ক্ৰমে অভিনন্দন গগৈ, আৰু পুতু বাচফৰক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।
আনহাতে, উত্তৰ প্ৰদেশৰ পৰা অহা সাধুবাবাৰ এটা দলকো সোপাধৰাৰ সন্দেহত অপদস্থ কৰা ঘটনাত জড়িত থকাৰ অভিযোগত জালালউদ্দিন নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
এই সন্দৰ্ভত যোৰহাত আৰক্ষী অধীক্ষক মোহনলাল মিনাই কয় যে, “আমি ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ। উৰাবাতৰি বিয়পাব পৰা যিকোনো পোষ্ট দিয়া লোকৰ বিৰুদ্ধে আমি কঠোৰ আইনগত ব্যৱস্থা ল’ম। সোপাধৰা কেন্দ্ৰীক উৰাবাতৰি বিয়পাব পৰা যিকোনো ঘটনাৰ পৰা আঁতৰি থাকিবলৈ আমি ৰাইজক আহ্বান জনাইছোঁ।”













