![]()
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজয়া দশমীৰ দিনটোত ১১১ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তিত অগ্নিসংযোগ কৰে। গুৱাহাটী মহানগৰীৰ নেহেৰু ষ্টেডিয়ামত চাৰি বছৰৰ মূৰত উদযাপিত ৰাৱণ দাহ কৰি দশেৰাত ১৫০ ফুট ওখ মেগা এল ই ডি স্ক্ৰীনত ৰাৱণ দাহন কাৰ্য উপভোগ কৰে সমৱেত জনতাই।
উল্লেখ্য যে, প্ৰায় দুমাহ ধৰি নেহেৰু ষ্টেডিয়ামত ৰাৱণৰ ১১১ ফুট উচ্চতাৰ প্ৰকাণ্ড মূৰ্তি নিৰ্মাণৰ কাম চলিছিল। ৰাৱণৰ লগতে নিৰ্মাণ কৰা হৈছিল ৬০ ফুট উচ্চতাৰ কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি আৰু ২ অক্টোবৰত সম্পূৰ্ণৰূপে সাজু কৰি তোলা হয় ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি।













