![]()
তিনিচুকীয়াৰ কাকপথাৰত টঙনাত হোৱা আৰক্ষীৰ একাউণ্টাৰত নিহত এক ড্ৰাগছ সৰবৰাহকাৰী বিনোদ মৰাণ। টঙনা থানাৰ অন্তৰ্গত কাকপথাৰৰ চেঙা পথত হোৱা এই গুলীচালনাৰ ঘটনাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় আন তিনিটা ড্ৰাগছ সৰবৰাহী ক্ৰমে মাধুৰ্য গোহাঁই, ৰিদিপ দহোটীয়া আৰু মিণ্টু মৰাণ।
টঙনা আৰু তিনিচুকীয়া আৰক্ষীৰ যুটীয়া অভিযানত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা এটোপলা ড্ৰাগছ, ছটা খালি কণ্টেনাৰ, এখন কটাৰী, এটা বেগ, পাঁচটা মোবাইল হেণ্ডছেটসহ ড্ৰাগছ খাওঁতে ব্যৱহাৰ কৰা বিভিন্ন সঁজুলি উদ্ধাৰ কৰে।













