![]()
মৰিয়নীৰ খৰিকটীয়া অঞ্চলত ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখে যোৱা নামনিমুৱা ২০৫০৩ নম্বৰৰ ৰাজধানী ৰে’লে এটা হাতীৰ জাকক খুন্দিয়াই আৰু দুটা হাতী মৃত্যুমুখত পৰে।উল্লেখ্য যে, কালি সন্ধিয়া সময়ৰ পৰাই খৰিকটীয়া অঞ্চলত বনৰীয়া হাতীৰ এটা জাক সোমাই অঞ্চলটোত উপদ্ৰৱ চলাই তিনিটাৰো অধিক ঘৰ কালি হাতীজাকে ভাঙে।
ইয়াৰ পিছতেই স্থানীয় ৰাইজ আৰু বন বিভাগে হাতীৰ জাকটো খেদি পঠোৱাৰ চেষ্টা কৰে আৰু ৰাতি হাতীৰ জাকটো ৰে’ল লাইন পাৰ হ’ব খোজোতেই তীব্ৰ বেগী ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে জাকটোক মহতিয়াই নিয়ে। ৰে’লখনৰ খুন্দাত এটা হাতী উফৰি পৰাৰ লগতে পোৱালিসহ দুটা হাতীক বহুদূৰ চোঁচৰাই নিয়ে।
গুৰুতৰভাৱে আহত হাতীটোৱে কোনো চিকিৎসা নোপোৱাৰ ফলত উক্ত হাতীটো বিনা চিকিৎসাই চটফটাই মৃত্যু হয় । অৱশ্যে বন বিভাগৰ সূত্ৰৰ মতে, হাতীটোৱে মঠৰত গুৰুতৰ আঘাত পাইছিল আৰু প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। মৃত হাতী পোৱালিটোৰ বয়স প্ৰায় ৯ – ১০ মাহ আৰু পোৱালিটো মতা আছিল বুলি বন বিভাগে জানিবলৈ দিছে।
বন বিভাগৰ মতে আনটো মৃত হাতী পোৱালিটোৰ মাক আছিল । বয়স আনুমানিক ২০-২২ বছৰ হ’ব বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ।ইফালে ৰে’লৰ ইঞ্জিনৰ খুন্দাত উফৰি পৰা হাতীটো গুৰুতৰভাৱে অহাত হৈ খৰিকটীয়া চাহ বাগিচাৰ মাজত পৰ৩ ।
হাতীটোৱে পিছৰ অংশত গুৰুতৰভাৱে আঘাত পাইছে । আনহাতে, কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা চিকিৎসকৰ এটা দল আহি আঘাতপ্ৰাপ্ত হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে । প্ৰতিকূল বতৰৰ বাবে চিকিৎসকৰ দলটোৱে অভিযান চলোৱাত সমস্যাৰ সৃষ্টি হৈছিল যদিও শেহতীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে দলটোৱে ।
স্মৰ্তব্য যে, মৰিয়নি- তিতাবৰৰ মাজৰ খৰিকটীয়া ৰে’ল ষ্টেচনৰ পৰা নাতিদূৰৈত ৰে’লৱে কিলোমিটাৰ নম্বৰ ৩৬২ / ৬-৭ ৰ মাজত এই ঘটনা সংঘটিত হয় । হাতীৰ জাকটোক খুন্দা মাৰি দুটা হাতীক প্ৰায় এশ মিটাৰ চোঁচৰাই নিয়াৰ অন্তত ৰে’লখন ৰৈ যায়। প্ৰায় আধা ঘন্টা মান সময় ৰে’লখন ঘটনাস্থলীতে আৱদ্ধ হৈ পৰে ।
ইফালে ঘটনাৰ খবৰ পাইয়েই মৰিয়নিৰ ৰে’লৱে আৰক্ষী, ৰে’লৱে নিৰাপত্তা বাহিনী আৰু মৰিয়নি তিতাবৰৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় ।
মৰিয়নিৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাধীন আৰু তিতাবৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত খৰিকটীয়া অঞ্চলত সংঘটিত এই ঘটনাৰ পিছত মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, তিতাবৰৰ খণ্ড বন বিষয়া বিকেন পেগু, মেলেঙৰ খণ্ড বন বিষয়া বন্দন দুৱৰী, নিউ সোনোৱালৰ খণ্ড বন বিষয়া ভাস্কৰ ৰঞ্জন বৰগোঁহাইৰ লগতে যোৰহাটৰ সংমাণ্ডলিক বন প্ৰাধিকাৰী নন্দ কুমাৰ, সহকাৰী বন সংৰক্ষক বিনোদ বিহাৰী সিনহা আৰু অৰুণ কলিতা আদি ৰাতিয়েই ঘটনাস্থলীত উপস্থিত হয় ।
স্থানীয় ৰাইজৰ মতে, উক্ত অঞ্চলত বনৰীয়া হাতীয়ে বিচৰণ কৰি থাকে যদিও প্ৰতিখন ৰে’লগাড়ীয়েই তীব্ৰ গতিত আহ যাহ কৰে । বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে, এই ঠাইত ৰে’ল লাইনত হাতীৰ জাক থকাৰ সম্পৰ্কে মৰিয়নিৰ ৰে’ল কৰ্তৃপক্ষক বন বিভাগে অৱগত কৰিছিল ।













