![]()
ৰঙিয়াত চলিছে ড্ৰাগছ বিৰোধী অভিযান। সোমবাৰে হোৱা আৰক্ষীৰ এক অভিযানত পুনৰ এগৰাকী মহিলা সহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। লগতে উদ্ধাৰ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ।
গোপন সূত্ৰৰ পম খেদি উদিয়ানাত এটা নিৰ্দিষ্ট এটা গৃহত আৰক্ষীয়ে অভিযান চলাই ১২৩ টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰাৰ উপৰিও ড্ৰাগছ সৰবৰাহী আৰু ঘৰটোৰ দুগৰাকী সদস্য ক্ৰমে মজনুৰ আলী আৰু তেওঁৰ আইতাক হাচিনা খাতুনক গ্ৰেপ্তাৰ কৰে ।
ঘৰটোৰ পৰা ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 01 EJ 6893 নম্বৰৰ এখন স্কুটী জব্দ কৰে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ৰঙিয়া থানাত দুই অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।












