![]()
আজি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ লগতে তেখেতে আই আই টি গুৱাহাটীত পৰম কামৰূপা চুপাৰকম্পিউটিং ফেচিলিটী, হাই পাৱাৰ এক্টিভ আৰু পেচিভ কম্পোনেন্ট লেবৰেটৰী অব সমীৰো (SAMEER) উৎসৰ্গা কৰে।
ৰাষ্ট্ৰপতিয়ে অসমৰ ডিব্ৰুগড় আৰু মধ্য প্ৰদেশৰ জবলপুৰত নেচনেল ইনষ্টিটিউট অব ভাইৰোলজীৰ মাণ্ডলিক ইনষ্টিটিউটো ভাৰ্চুৱেলী উদ্বোধন কৰে। এই উন্নয়নমূলক পদক্ষেপসমূহে অসমৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অত্যাধুনিক সা-সুবিধাসম্পন্ন ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে সুলভ চিকিৎসা সেৱা প্ৰদানেৰে জনসাধাৰণক উপকৃত কৰিব বুলিও তেওঁ উল্লেখ কৰে।
এই উপলক্ষে মাছখোৱা আই টি আইত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰ, অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰাম আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।
উল্লেখ্য, ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি অসমলৈ আহিছে দ্ৰৌপদী মুৰ্মু। দুদিনীয়া ভ্ৰমণসূচীৰে বিশেষ বিমানেৰে দিনৰ প্ৰায় 1 বজাত গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু।
আগৰতলাৰ পৰা পোনে পোনে তেওঁ বিশেষ বিমানেৰে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায়। বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অব অনাৰ দিয়া হয়। ৰাষ্ট্ৰপতিৰে4 অসম আগমনৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।
ৰাষ্ট্ৰপতিয়ে বিমানবন্দৰৰ পৰা পোনে পোনে বিশেষ হেলিকাপ্টাৰেৰে আই আই টি গুৱাহাটীলৈ যায়। তাত তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। তাৰ পিছত আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা ‘পৰম কামৰূপা’ উদ্বোধন কৰে। লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰে।
সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশাটো কটাব। আনহাতে ১৪ অক্টোবৰৰ দিনা তেওঁ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
তাৰ পিছত ৰাষ্ট্ৰপতিয়ে তিনি হাজাৰ মডেল অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে মিছন সৌভাগ্য শুভ উদ্বোধন কৰিব। আনহাতে, ৰাষ্ট্ৰপতিয়ে চাহ বাগিচা এলেকাত স্থাপন কৰিবলগীয়া এশখন মডেল মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চাৰিলেনযুক্ত গহপুৰ-হোলেংগী পথ আৰু দুইলেনযুক্ত শিলচৰ বদৰপুৰ পথো মুকলি কৰিব।
ইয়াৰ উপৰি ডিব্ৰুগড়-লিডু ৰোড (পেকেজ এক আৰু দুই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰত পেট্ৰ’ল মজুত কৰা ভাণ্ডাৰ মুকলি, নাগালেণ্ডৰ চৌখভিৰ পৰা মেঘালয়ৰ মেদিনী পথাৰলৈকে চলিবলগীয়া এখন ৰে’লৰ শুভাৰম্ভণি কৰিব।
আনহাতে, ৰাষ্ট্ৰপতিয়ে গুৱাহাটীৰ আগিয়াঠুৰিত স্থাপন কৰিব লগীয়া ৰে’লৰ এটা কাৰ্গো তথা ক’চিং টাৰ্মিনেলৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছতেই শুকুৰবাৰে দুপৰীয়া বিশেষ বিমানযোগে দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতি।













