![]()
প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি দুদিনীয়া ভ্ৰমণ সূচী সামৰি দিল্লীলৈ উৰা মাৰে। তাৰ পূৰ্বে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিয়ে।
আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়, ৰে’ল মন্ত্ৰ্যালয় আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ ৯টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে।
ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “মই নিশ্চিত, আগিয়াঠুৰীত মডাৰ্ন কাৰ্গো-কাম-কোচিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন, চাহ বাগিচা অঞ্চলত ১০০খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধনে উন্নয়নৰ দিশত অসমত এক নতুন মাত্ৰা সংযোজন কৰিব।”
উক্ত অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিমল বড়া আৰু অজন্তা নেওগৰ লগতে আন একাধিক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য, ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক ভাব বিনিময় কাৰ্যসূচীতো আজি অংশগ্ৰহণ কৰে। তাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুদিনীয়া অসম ভ্ৰমণৰ অংশ হিচাপে আজি গুৱাহাটীৰ ৰাজ্যিক অতিথিশালাত ৰাষ্ট্ৰপতিয়ে ঢেকীয়াজুলিৰ পৰা অহা মহিলাৰ এটি গোটৰ লগতে অন্যান্যসকলৰ সৈতে মত বিনিময় কৰে।













