![]()
নগাঁও উৰিয়াগাঁৱত বাইপাছত সংঘটিত এক দুৰ্ঘটনাত আজি থিতাতে প্ৰাণ হেৰুৱায় মৰিকলং বৰঘাটৰ নিবাসী তথা এয়াৰটেলৰ কৰ্মচাৰী যুৱক মানস বৰাই। বৃহস্পতিবাৰে নিশা প্ৰায় ১ বাজি ৩০ মিনিটত সংঘটিত এই দুৰ্ঘটনাটোত এখন হোণ্ডাই আই ১০ গাড়ীয়ে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ গাড়ীখনৰ সমুখৰ অংশ বিধ্বস্ত হৈ পৰে আৰু চালকৰ আসনত থকা মানস বৰাক হেঁচা মাৰি ধৰে।
স্থানীয় ধাবাৰ লোকে আহি যুৱকজনক উদ্ধাৰ কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে।












