![]()
লখিমপুৰৰ লালুকত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা। লালুকৰ পৰা তেজপুৰ অভিমুখী এখন ক্ৰেটা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ’খাৱৈত সোমাই যোৱাৰ ফলত দুজন ব্যক্তি ক্ৰমে আনাৰুম ইছলাম আৰু নুৰ মহম্মদে মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়।
বাহনখনৰ নম্বৰ এ আৰ ০১ কে ১৪০৭। স্থানীয় লোকে মৃতদেহ দুটাৰ লগতে আন তিনিজনকো উদ্ধাৰ কৰে। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।












