![]()
অসহায় বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰি একাংশ বিবেকহীন সন্তানে বৃদ্ধাশ্ৰমত এৰি থৈ অহাৰ অনেক উদাহৰণ আমাৰ সমাজত আছে। আনকি বৃদ্ধা পিতৃ-মাতৃৰ সুৰক্ষাৰ স্বার্থত চৰকাৰে আইন প্ৰণয়ন কৰিবলগা হৈছে।
আমাৰ সমাজত একাংশ বৃদ্ধ পিতৃ-মাতৃয়ে সন্তানৰ বঞ্চনা আৰু আৱহেলা পাই অহাৰ মাজতে আজি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৯৭৬ বৰ্ষৰ মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ প্ৰাক্তন ছাত্ৰ গোট শ্ৰেণীবন্ধু -৭৬ৰ সদস্য সকলে তেওঁলোকৰ জীৱিত পিতৃ- মাতৃক ৰাজহুৱাকৈ সন্মান আৰু সম্বৰ্ধনা জ্ঞাপনেৰে এক দৃষ্টান্ত দাঙি ধৰিছে ।
নগাঁও চহৰৰ আমোলাপট্টি স্থিত নগাঁও নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত আজি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ শ্ৰেণীবন্ধু-৭৬ ৰ সৌজন্যত হেৰাই যোৱা বন্ধুসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পন আৰু শ্ৰেণীবন্ধুসকলৰ পিতৃ-মাতৃক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত শ্ৰেণীবন্ধু- ৭৬ ৰ সদস্যসকলৰ পিতৃ-মাতৃক গামোছা ,চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
কুৰি গৰাকীতকৈ অধিক শ্ৰেণীবন্ধু-৭৬ৰ বৃদ্ধ পিতৃ-মাতৃক এনেদৰে সম্বৰ্ধনা জ্ঞাপন কৰাত তেওঁলোক আৱেগিক হৈ পৰে। শ্ৰেণীবন্ধু -৭৬ৰ এগৰাকী সদস্যৰ মাতৃ বিশিষ্ট সমাজসেৱী ৰেখা শৰ্মাই সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত কয় যে বৰ্তমান সময়ত পিতৃ-মাতৃক সন্তানে শ্ৰদ্ধা জনোৱাতো পৃথিৱীৰ সকলোতকৈ ডাঙৰ আদৰ্শ হৈ পৰিছে। যিহেতু বহু উপযুক্ত পুত্ৰই আজি কালি পিতৃ-মাতৃক অৱহেলা কৰি বৃদ্ধাশ্ৰমত থৈ আহে।
পিতৃ-মাতৃক অৱহেলা কৰাৰ সমান ডাঙৰ পাপ একো নাই বুলিও বৰ্ষীয়ান সমাজসেৱী গৰাকীয়ে মন্তব্য কৰে । বৃদ্ধ-পিতৃ মাতৃক শ্ৰেণীবন্ধু-৭৬ৰ সম্বৰ্ধনা জ্ঞাপনৰ এনে পদক্ষেপৰ তেওঁ শলাগ লয়। অনুষ্ঠানত কুসুম কুমাৰী বৰা, তগৰ বৰা,অলকা বৰঠাকুৰ , নিৰ্মালী হাজৰিকা,শোভা বৰকটকী, জয়ন্তীবালা গোস্বামী, ৰেণু বেজবৰুৱা প্ৰমুখ্যে কেইবাগৰাকী শ্ৰেণীবন্ধু-৭৬ৰ মাতৃয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰাৰ লগতে আনুষ্ঠানটিৰ শলাগ লয় ।
উল্লেখ্য যে সম্বৰ্ধনা অনুষ্ঠানত নব্বৈৰ উৰ্দ্ধৰ কেইবাগৰাকী মাতৃয়ে অংশগ্ৰহণ কৰে । আনহাতে আজিৰ অনুষ্ঠানত শ্ৰেণীবন্ধু-৭৬ৰ প্ৰয়াত সদস্যসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এগছিকৈ বন্তি প্ৰজ্বলন কৰা হয়। আনুষ্ঠানত প্ৰয়াত সদস্যসকলৰ পৰিয়ালৰ লোককো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
শ্ৰেণীবন্ধু-৭৬ ৰ কোষাধ্যক্ষ যতীন দাসে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শ্ৰেণীবন্ধু -৭৬ ৰ সভাপতি ড: শচীন্দ্ৰ কুমাৰ কাকতি,কাৰ্যকৰী সভাপতি চন্দনবৰা আৰু সম্পাদক ইফতিখাৰ আহমেদ নবীয়ে । সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানত নৃত্য-গীত পৰিবেশন কৰা হয়।
অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই সম্পাদক ইফতিখাৰ আহমেদ নবীয়ে। অনুষ্ঠানত নগাঁৱৰ উপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তত থকা শ্ৰেণীবন্ধু-৭৬ৰ সদস্য তথা তেওঁলোকৰ পৰিয়ালৰ ভালেসংখ্যক লোকে অংশ গ্ৰহণ কৰে ।













