![]()
১৩ অক্টোবৰত ৰঙিয়াস্থিত পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলত দুপৰীয়া মধ্যাহ্ন ভোজন চলি থকাৰ সময়ত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলাই থকা অংক মাষ্টৰ বিনোদ গোস্বামীক ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে শিক্ষক গৰাকীক।
\ভুক্তভোগী ছাত্ৰীগৰাকীয়ে শিক্ষক গৰাকীয়ে কৰা দুষ্কাৰ্যৰ পিছত প্ৰতিবাদ কৰিছিল যদিও কৌশলেৰে বিনোদ গোস্বামী পলায়ন কৰে। পৰৱৰ্তী সময়ত, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক লিখিত ভাবে বিষয়টো অৱগত কৰাত পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই তাৎক্ষণিক ভাৱে নিলম্বন কৰে শিক্ষক বিনোদ গোস্বামীক ।
অভিযুক্ত শিক্ষক বিনোদ গোস্বামীক সোমবাৰে নিশ্চিত তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২০১৬ ,চনত বাৰাংহাটী দৌলপুখুৰীপাৰ হাইস্কুলত এনে অনুৰূপ দুষ্কাৰ্য কৰিছিল বিনোদ গোস্বামীয়ে। যাৰ বাবে শিক্ষা বিভাগে শিক্ষক বিনোদ গোস্বামীক চাকৰিৰ পৰা নিলম্বন কৰিছিল ।













