![]()
নিকা আৰু স্বচ্ছ অসম গঢ়ি তোলাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হৈছে ৰাজ্য চৰকাৰ। সেয়েহে, ৰাজ্য প্ৰশানসে চলোৱা বিভিন্ন অভিযানত শেহতীয়াকৈ কেইবাগৰাকীও চৰকাৰী বিষয়া-কৰ্মচাৰী ঘোচ খোৱাৰ বাবে জালত পৰিছে।
আজি ডিব্ৰুগড়ত চলা এক অভিযানত ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়িকা ডিটিমণি গগৈ সহ দালাল পংকজ শইকীয়া হাতে-লোটে ধৰা পৰে। কাৰ্যালয়ৰ পৰাই দুয়োকে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ তদাৰকী আৰু দূৰ্নীতি শাখা সঞ্চালকালয়ে।
জানিব পৰা মতে, এজন ব্যক্তিৰ পথ কৰ অফলাইনত পৰিশোধ কৰি দিয়াৰ সুবিধা কৰি দিয়া বাবে ৭০০ টকা উৎকোচ হিচাপে লৈছিল ডিটিমণিয়ে। এজন দালাল তথা মধ্যভোগীৰ জৰিয়তে সংগ্ৰহ কৰিছিল উক্ত উৎকোচ। অভিযানকাৰী দলটোৱে বৰ্তমানে তদন্ত অব্যাহত ৰখাৰ লগতে কনিষ্ঠ সহায়িকা ডিটিমণিৰ চহৰখনৰ উদয়পুৰস্থিত এপাৰটমেন্টত তালাচী চলাইছে। অৱশ্যে এই বাতৰি লিখা পৰ্যন্ত সবিশেষ জনোৱা পৰা বিৰত আছে অনুসন্ধানকাৰী দলে।
উল্লেখ্য যে, বৰ্তমানেও পৰিবহণ বিভাগৰ প্ৰায়সংখ্যক কাম অনলাইনযোগে হয় যদিও একাংশ দালালে জিলা পৰিবহণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সৈতে গোপনে টকা আত্মসাৎ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া আছিল ।ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়।













