![]()
চুৰি কৰা বাহন ক্ৰয় কৰি বিপদৰ সন্মুখীন হ’ল উপ আৰক্ষী অধীক্ষক পি লাংপুইন’। অসমৰ পৰা চুৰি হোৱা বাহন খন ৰহাৰ টোলগেটৰ পৰা যাত্ৰা কৰাৰ সময়তে এই তথ্য পোহৰলৈ আহে। আচাং চিৰ নামৰ এজন ব্যক্তিৰ পৰা এএছ ০১ ইজি ৮৩৯৯ নম্বৰৰ চেলেৰিঅ’ বাহনখন ২ লাখ ৮৫ হাজাৰ টকাত ক্ৰয় কৰিছিল উপ আৰক্ষীৰ অধীক্ষক গৰাকীয়ে।
ৰহা টোলগেটত বাহনখন চুৰিৰ বুলি প্ৰমাণিত হয়। বাহন খনৰ প্ৰকৃত স্বত্বাধিকাৰী লংকাৰ দীপাংকৰ দত্ত বুলি জানিব পৰা যায়। ইফালে, এগৰাকী আৰক্ষীয়ে এখন চুৰি বাহন ক্ৰয় কৰাৰ বিষয়টোৱে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।













