![]()
আয়তকৈ অতিৰিক্ত সামগ্ৰী আহৰণৰ অভিযোগত হেঙেৰাবাৰীস্থিত ৰৌণক আলি হাজৰিকাৰ বাসগৃহত প্ৰৱৰ্তক সঞ্চালকালয়ৰ অভিযান। ২০২১ বৰ্ষৰ ৫ অক্টোবৰত মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা ডি আই জি হাজৰিকাই প্ৰায় এবছৰ কাৰাগাৰত আবদ্ধ হৈ থাকি শুকুৰবাৰে জামিন লাভ কৰিছিল উচ্চতম ন্যায়ালয়ৰ পৰা।
শেহতীয়াকৈ তেওঁৰ ওপৰত অহা নতুন গোচৰৰ ভিত্তিত সংস্থাৰ উপ-সঞ্চালক পৰ্যায়ৰ নেতৃত্বত ই.ডি য়ে এই অভিযান চলায়। সম্প্ৰতি ৰৌণক আলী হাজৰিকা আৰু তেওঁৰ পত্নী নুৰচাদ ৰৌণক আলী হাজৰিকাক ED য়ে সোধা–পোছা কৰি আছে।













