![]()
আজি নাহৰকটীয়াৰ থানাৰ অন্তৰ্গত নাহৰকটীয়া চহৰৰ লেঙেৰিজান চাহ বাগিচাৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক দীঘলপথাৰস্থ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাত মৃত্যু হয়।
জানিব পৰা মতে, দুই নং নাহৰণি গাঁৱৰ নিবাসী সম্বন্ধত দদায়েক ভতিজাক ক্ৰমে ধৰণী চিক (১৮) আৰু আৰু বগা চিক (৪২) নামৰ লোক দুজনে AS 06 W5372 নম্বৰৰ স্পলেণ্ডাৰ মটৰচাইকেলত বিয়লি নাহৰকটীয়া চহৰৰ দিশৰ পৰা নাহৰণি অভিমুখে গৈ থকা অৱস্থাত উক্ত স্থানত দুৰ্ঘটনাত পতিত হৈ পথৰ ওপৰতে বাগৰি পৰে।
বগা চিক নামে ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আনজন যুৱক ধৰণী চিকক স্থানীয় ৰাইজে দীঘলপথাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাৰত অৱস্থাত তেওঁৰ মৃত্যু হয়।উল্লেখ্য যে, লোক দুগৰাকী কি কাৰণত দুৰ্ঘটনাত পতিত হ’ল, সেইয়া বাতৰি লিখা পৰ্যন্ত নিশ্চিত হোৱা নাই।













