![]()
যোৱা ১১ অক্টোবৰৰ পৰা গুৰুতৰ অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা। আজি চিকিৎসালয়খনত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য, শংকৰদেৱ বঁটাপ্ৰাপক বৰেণ্য ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা পাৰ্যমানে জি এম চি এইচ কৰ্তৃপক্ষই অব্যাহত ৰাখিছে৷ চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুঢ়াসত্ৰীয়াগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰীয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।তেওঁৰ সৈতে মন্ত্ৰী ডা: ৰণোজ পেগু আৰু সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটায়ো অশীতিপৰ ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ বুজ লয়৷













