![]()
ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই এগৰাকী কনিষ্ঠ সহায়ক দিতিমণি গগৈ সহ দালাল পংকজ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি আকৌ ডিব্ৰুগড়ৰ উক্ত বিভাগৰ বিষয়া সঞ্জীৱ হাজৰিকাৰ বৈৰাগীমঠস্থিত বাসগৃহত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই ৭ লাখ ৩ হাজাৰ ৮০০ টকা জব্দ কৰে। ৰাতিপুৱা ১০ বজাৰ পৰা চলা এই অভিযানত দলটোৱে ৮৭ হাজাৰ পুৰণি তথা অচল নোটো উদ্ধাৰ কৰে।
সঞ্জীৱ হাজৰিকাৰ ঘৰত অভিযান চলোৱাৰ পাছত ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ ষ্টেট বেংকৰ প্ৰধান শাখাত থকা তেওঁৰ বেংকৰ ল’কাৰত তালাচী চলাই অভিযান কাৰী দলটোৱে পুনৰ তেওঁক বাসগৃহলৈ লৈ যোৱা হয়।আনহাতে, বাসগৃহৰ পৰা পুনৰ বিয়লি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাক লৈ পৰিবহণ বিষয়াৰ কাৰ্যলয়ত কোঠাৰ দুৱাৰ বন্ধ কৰি কোনো লোককে প্ৰৱেশ কৰিবলৈ নিদি এক শ্বাসৰুদ্ধকৰ পৰিৱেশত অভিযান চলায়।
অভিযানকাৰী দলটোৱে জিলা পৰিবহণ কাৰ্যালয়ৰ এম ভি আই আৰু অনান্য উচ্চ বৰ্গৰ সহায়ককো সোধা পোছা কৰে। উল্লেখ্য যে, বিগত দুদিন পূৰ্বে পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ হোৱা দিতিমণি গগৈৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত জব্দ কৰিছিল নগদ ৯ লাখ ৩০ হেজাৰ ৫০০টকা ।
আনহাতে মধ্যভোগী দালাল পংকজ শইকীয়াৰ টেঙাখাতৰ বাসগৃহৰ পৰা জব্দ কৰিছিল বহুতো চৰকাৰী নথি পত্ৰ।ইয়াৰ পাছতে দিতিমণি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান চলাই বৃহৎ সংখ্যক নগদ ধন জব্দ কৰি বৰ্তমানেও জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক জেৰা অব্যাহত ৰাখিছে।
সঞ্জীৱ হাজৰিকাৰ বাসগৃহৰ পৰা জব্দ হোৱা ধনসমূহ তেওঁৰ কন্যাৰ বিবাহত উপহাৰ স্বৰূপে পোৱা বুলি পত্নীয়ে জানিবলৈ দিছে।দুৰ্নীতিৰ এই ঘটনাসমূহও শেহতীয়াকৈ সমগ্ৰ ডিব্ৰুগড় জিলা চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।













