![]()
ৰাজ্যৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত সংঘটিত হোৱা ৩৬২ কোটি টকাৰ কেলেংকাৰিৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যত খলকনিৰ সৃষ্টি কৰিছে। আজি এই কেলেংকাৰিৰ সন্দৰ্ভত চিআইডি পৰিদৰ্শক এচ শৰ্মাৰ নেতৃত্বত অহা চিবিআইৰ এক বিশেষ দলে ডিব্ৰুগড়স্থিত সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যালয়ত অভিযান চলাই ভালেসংখ্যক নথি-পত্ৰ জব্দ কৰে।
ঘটনাৰ সন্দৰ্ভত সোণোৱাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে, “এই বৃহৎ কেলেংকাৰি ২০২১ চনতে তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া দীপুৰঞ্জন মাক্ৰাৰীৰ কাৰ্যকালৰ সময়তে তেখেতে পৰিষদৰ সদস্যৰ অনুমোদন নোহোৱাকৈ তথা সংবিধানত নথকা স্বত্বেও হিতেন্দ্ৰ ঝা নামৰ এগৰাকী ব্যক্তিক পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ অএচডিৰ লগতে পৰিষদৰ ন’ডেল বিষয়া হিচাপে নিযুক্তি দিছিল।
যিটো নীতিবিৰোধী তথা পৰিষদৰ অনান্য সদস্যৰ পৰিপন্থী আছিল। হিতেন্দ্ৰ ঝাৰ পৰিকল্পনামতেই প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে কেন্দ্ৰৰ পুঁজিৰে বিভিন্ন আঁচনিৰ জৰিয়তে সামগ্ৰী কিনি অনাত অনুমোদন জনাইছিল কিন্তু ৰাজ্য চৰকাৰৰ অধীনস্থ এখন স্বায়ত্ত্ব শাসিত পৰিষদক কেন্দ্ৰই প্ৰত্যক্ষভাবে পুঁজি অনুমোদন দিয়াৰ কোনো ব্যৱস্থা নাই” বুলি বৰ্তমানৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে সদৰী কৰে।
তেওঁ আগলৈ কয় যে, ঝাই অনুমোদন লাভ কৰি দিল্লীৰ ঠিকাদাৰী প্ৰতিষ্ঠানক সামগ্ৰী যোগান ধৰিবলৈ কোৱাৰ ফলত প্ৰায় ৮ কোটি টকাৰ সামগ্ৰী পৰিষদে চমজি লয় যদিও বাকী ৩০ কোটি টকাৰ সামগ্ৰী ডিব্ৰুগড়,লক্ষীমপুৰ আদি ঠাইৰ গুদামতে আজিও পৰি আছে। আনহাতেদি উক্ত সামগ্ৰী যোগান ধৰাৰ নামত যোগানকাৰী প্ৰতিষ্ঠান সমূহে দীঘদিন ধৰি নিজৰ টকা নোপোৱাত নিজ নিজ এলেকাত গোচৰ তৰিছিল।
পৰৱৰ্তী সময়ত, ঘটনাৰ সবিশেষ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দৃষ্টিগোচৰ হোৱাত চিবিআইক গোচৰ দিয়ে আৰু আজি অভিযান চলায় বুলি মত প্ৰকাশ কৰে মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে। উল্লেখ্য যে, পূৰ্বৰ মূখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীৰ উচ্চ ন্যায়লয়ৰ দাৰস্থ হৈয়ো অপসাৰিত হৈছিল।













