![]()
হোজাই জিলাৰ বৰবহা হাইস্কুলৰ পৰা ২০২১ আৰু ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা দুই মেধাবী ছাত্রী ক্ৰমে ৰশ্মিবালা বিশ্বাস আৰু অংকিতা দাসক আজি বিদ্যালয়খনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিভা বৰকটকী প্ৰতিভা বঁটা প্ৰদান কৰা হয়।
বিভা বৰকটকী একাডেমী ফাউণ্ডেচনৰ তৰফৰ পৰা উক্ত বঁটাটো আগবঢ়োৱা হয়।এই উপলক্ষে বৰবহা হাইস্কুলত আজি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট গল্পকাৰ তথা সপ্তাহিক কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিং আৰু বিশিষ্ট অতিথি হিচাপে সাংবাদিক জিতেন বৰকটকী উপস্থিত থাকি মেধাবী ছাত্রী দুগৰাকীক বঁটা প্ৰদান কৰে ।
বঁটা প্ৰদান কৰি দিয়া ভাষণত বিশিষ্ট সাহিত্যিক-সাংবাদিক গুৰমাইল সিঙে ছাত্ৰ-ছাত্রীসকলক সময়ৰ সদ ব্যৱহাৰ কৰি নিজৰ জীৱন ভালদৰে গঢ় দিবলৈ আহ্বান জনাই লগতে কয় যে আমি যেতিয়া পৃথিৱীলৈ আহো তেতিয়া আমাৰ নিজা পৰিচয় নেথাকে। পিতৃ-মাতৃৰ পৰিচয়ৰে আমি পৃথিৱীলৈ আহো।
সেয়ে আমি জীৱনকালত এনে কাম কৰি যাৱ লাগে যাৰ দ্বাৰা পৃথিৱীত আমি নিজৰ এক ভাল পৰিচয় এৰি থৈ যাৱ পাৰো। আমাক লৈ সমাজে যাতে গৌৰৱ কৰিব পাৰে। আনহাতে মবাইলৰ ফোনৰ পৰা ছাত্ৰ-ছাত্রীসকলৰ হোৱা ক্ষতিৰ বিষয়ে উল্লেখ কৰি সিঙে ইতিবাচক দিশত মবাইল ফোন ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই লগতে কয় যে সমাজত নিজৰ অস্তিত্ব হেৰুৱাৰ আশংকাত একাংশ লোকে সামাজিক মাধ্যমৰ জৰিয়তে নিজকে জাহিৰ কৰাৰ চেষ্টা চলোৱা দেখা যায় ।
আনহাতে বিভা বৰকটকী এডাডেমী ফাউণ্ডেচনে বিগত চাৰি বছৰে কৃতী ছাত্ৰ-ছাত্রীক বঁটা প্ৰদান কৰা কাৰ্যক গুৰমাইল সিঙে প্ৰশংসা কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপক ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাংবাদিক জিতেন বৰকটকীয়ে ছাত্ৰ-ছাত্রীসকলক নিজৰ লক্ষ্য স্থিৰ কৰাৰ লগতে প্ৰকৃত শিক্ষা আহৰণেৰে নিজকে প্ৰস্তুত কৰি সমাজৰ হিতৰ বাবে মনোনিবেশ কৰিবলৈ আহ্বান জনায়।
সভাত বিভা বৰকটকী একাডেমী ফাউণ্ডেচনৰ হৈ আদৰণী ভাষণ প্ৰদান কৰে বিভা বৰকটকীৰ কনিষ্ঠ পুত্র তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে। ড: বৰকটকীয়ে প্ৰয়াত মাতৃৰ ত্যাগ আৰু মমতাৰ বিষয়ে উল্লেখ কৰি কয় যে ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্মগ্রহণ কৰা বিভা বৰকটকী এগৰাকী প্ৰগতিবাদী নাৰী আছিল।
তেওঁ সকলোকে সম দৃষ্টিৰে চাইছিল। আনহাতে মাতৃৰ স্মৃতিক সাৰোগত কৰি ড: বৰকটকীয় বৰবহা অঞ্চলৰ শ্ৰমজীৱী পৰিয়ালৰ তিনি গৰাকী মহিলাক মাতৃ জ্ঞান কৰি প্ৰণিপাত জনাই একোটিকৈ উপহাৰ প্ৰদান কৰে । ইয়াৰ পূৰ্বে বিভা বৰকটকীৰ প্ৰতিচ্ছবিত বিশিষ্ট অতিথিসকলৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য আৰু বিদ্যালয়খনৰ শিক্ষক, ছাত্র- ছাত্রীসকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
বৰবহা হাইস্কুলৰ শিক্ষক নৱজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপক ৰয়ে বৰবহা হাইস্কুলৰ কৃতী ছাত্ৰ-ছাত্রীক বিভা বৰকটকী প্রতিভা বঁটা প্ৰদান কৰাৰ বাবে ড: শৰৎ বৰকটকীক কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে “বিভা বৰকটকী প্রতিভা বঁটা”ৰ বাবদ দুয়োগৰাকী ছাত্ৰীক গামোছা,স্মাৰক আৰু নগদ ধন প্ৰদান কৰা হয় ।
উল্লেখ্য যে বৰবহা অঞ্চলৰ প্ৰয়াত শিক্ষাবিদ তথা সমাজসেৱক নীলকান্ত বৰকটকীৰ পৰিবাৰ বিভা বৰকটকীৰ স্মৃতিত পৰিয়ালৰ লোকে বৰবহা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰা শিক্ষার্থীজনক বিগত চাৰি বছৰে বিভা বৰকটকী বঁটা প্ৰদান কৰি আহিছে। বঁটা প্ৰদান অনুষ্ঠানত ননৈ কলেজৰ প্ৰবক্তা জ্যোতিশিখা শৰ্মাৰ লগতে বৰবহা হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্রীসকল উপস্থিত থাকে ।













