![]()
নগাঁও Nagaon চহৰৰ ব্যক্তিগত খণ্ডৰ অগ্রণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ Ramanujan schooউদ্যোগত আজি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শিশু দিৱস উদযাপন কৰাৰ লগতে বিদ্যালয়খনৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় ।

অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যলয়খনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই পণ্ডিত জৱাহৰলাল নেহৰু আৰু গণিতজ্ঞ ৰামানুজন আয়েংগাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে । ইয়াৰ পিছতে বেদশ্ৰী শইকীয়াই এটি বৰগীত পৰিৱেশন কৰে । আনহাতে শিশু দিৱসৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানত এটি শিশুগীত উন্মোচন কৰা হয় ।
সংগীত শিল্পী প্ৰশান্ত গোস্বামীৰ কথা আৰু সুৰ আৰোপিত গীতটিত কন্ঠদান কৰিছে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰা আৰু শিক্ষয়িত্ৰী চিত্ৰলেখা বৰুৱাই । ইপিনে শিশু দিৱস উপলক্ষে আয়োজিত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষ মৃদুপৱন বৰাই ছাত্ৰ-ছাত্ৰী সকলক মানুহ আৰু সমাজৰ কল্যানৰ হকে কাম কৰি যাবলৈ আহ্বান জনাই লগতে কয় যে মানুহৰ মনত সততা আৰু বুকুত সাহস থাকিলে হেজাৰ প্ৰত্যাহ্বানৰ মাজতো মানুহে জীৱন যুদ্ধত সফল হব পাৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি শিশুবন্ধু হিচাপে খ্যাত দুলাল বৰাই ছাত্ৰ-ছাত্ৰী সকলক নতুন চিন্তাৰে সঠিক পথেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । তেওঁ পাঠ্যপুথিৰ উপৰি সময় উলিয়াই বছৰটোত কমপক্ষেও দহখন প্ৰয়োজনীয় গ্ৰন্থ অধ্যয়ন কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক পৰামৰ্শ দিয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট চিকিৎসক ডাঃ শৰৎ কেওঁটে ছাত্ৰ-ছাত্ৰী সকলক নিজৰ স্বাস্হ্যৰ প্ৰতি সচেতন হবৰ বাবে আহ্বান জনোৱাৰ লগতে কেতবোৰ মূল্যৱান পৰামৰ্শ আগবঢ়ায় ।
আনহাতে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংচন লাভ কৰি উত্তীৰ্ণ হোৱা ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইয়াৰ উপৰি উক্ত পৰীক্ষাত বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীয়ে এশ শতাংশ নম্বৰ লাভ কৰা বিষয়ৰ দুগৰাকী শিক্ষক ক্ৰমে মনোজ শৰ্মা আৰু তাৰাপ্ৰসাদ দেৱনাথক বিদ্যালয়খনৰ তৰফৰপৰা গামোছা, বঁটা আৰু নগদ ধনেৰে সমৰ্ধনা জ্ঞাপন কৰা হয় ।
উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ৰীতা তালুকদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক বাবুল বৰা, সাংবাদিক জিতেন বৰকটকী প্ৰমুখ্য ভালেসংখ্যক ব্যক্তি, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে । ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰাৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।













