![]()
মঙলবাৰে দিনৰ প্ৰায় ১ বজাত বকলীয়াঘাট থানা (Bakliaghat Police Station) এলেকাৰ কাৰবি আংলং-নগাওঁ সীমান্তৰ টকৌবাৰীৰ নিৰ্মম হত্যাকাণ্ড (Tokoubari murder)ৰ বলি হোৱা দুই মাছমৰীয়া পৰিয়াল (Two fishing families)ৰ লোকক সাক্ষাৎ কৰে কাৰবি আংলং জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে (Nirola Phangchopi,)৷ আয়ুক্তগৰাকীৰ লগত থাকে অতিৰিক্ত আয়ুক্ত জ্যোতিৰ্ময় দৈমাৰী আৰু জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ জয়ন্ত কুমাৰ বৰুৱা৷

আয়ুক্তগৰাকীয় যোৱা ১৩ আগষ্টৰ নিশা মাছ ধৰিবলৈ গৈ দুৰ্বত্তৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া বিভিষণ বৰদলৈ আৰু নীল বৰদলৈৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি কিছু আৰ্থিক সাহায্য প্ৰদান কৰে৷ উক্ত হত্যাকাণ্ডৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে যদিও কাৰিকৰী অসুবিধাৰ বাবে প্ৰতিবেদন লাভ কৰাত বিলম্ব হৈছে বুলি কয়৷ প্ৰতিবেদন পালেই পূৰ্ণাংগ ৰূপে চৰকাৰৰ হাতত এই হত্যাকাণ্ডৰ প্ৰতিবেদন দাখিল কৰি ভুক্ত ভোগী পৰিয়ালক ন্যায় প্ৰদান কৰা হব বুলিও মন্তব্য কৰে আয়ুক্তগৰাকীয়ে৷












