![]()
নিউজ ডেস্কঃ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই আজি এখন ভাৰ্চুৱেল মিটিংযোগে ৫৫ বছৰে পৰিত্যক্ত হৈ থকা চিলাহাটী-হাল্দিবাৰী ৰে’লপথচোৱা আনুষ্ঠানিকভাৱে মুকলি কৰে ৷
পথচোৱা কলকাতাৰ পৰা শিলিগুড়ী সংযোগী ৰে’লপথৰ এটা অংশ আছিল। ৰে’লপথচোৱা পুনৰ মুকলি হোৱাৰ পাছত বাংলাদেশৰপৰা অসম আৰু পশ্চিমবংগৰ সৈতে যোগাযোগ হোৱাত সুচল হ’ব বুলি সকলোৱে মত পোষণ কৰিছে ৷
উদ্বোধনী ভাষণত সকলোকে সম্বোধন কৰি মোডীয়ে কয় যে চুবুৰীয়া দেশ হিচাপে বাংলাদেশ আমাৰ নিচেই ওচৰত ৷ আমি দুয়োখন দেশৰ মাজত এটা সুসম্পৰ্ক বৰ্তি থকাটো বিছাৰোঁ ৷ ক’ভিড অতিমাৰীৰ সময়তো আমি চুবুৰীয়া দেশবোৰে সকলোৰে মাজত বন্ধুত্বসুলভ ব্যৱহাৰ কৰিছোঁ, আগলৈয়ো সেয়া বাহাল থাকিব বুলি আশা কৰোঁ ৷













