![]()
নিউজ ডেস্কঃ
“অনিৰ্দিষ্টকাললৈ চলি থকা যৌন সম্পৰ্কৰ ক্ষেত্ৰত বিবাহক লক্ষ্যপ্ৰাপ্ত হিচাপে ল’ব নোৱাৰি।” এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত এই শুনানি গ্ৰহণ কৰে আদালতে। ন্যায়াধীশ বিভু বখৰুৱে কয় যে, “কিছু ক্ষেত্ৰত বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত মানুহে যৌন কাৰ্যত লিপ্ত হয়। অৱশ্যে এই ধাৰণা দীঘলীয়া সময় ধৰি চলি থকা নিবিড়তাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব নোৱাৰি।”
আনহাতে আদালতৰ ৰায় অনুসৰি, “কিছু ক্ষেত্ৰত বিবাহৰ প্ৰতিশ্ৰুতিয়ে কোনো পক্ষক যৌন সম্পৰ্ক অনিচ্ছাস্বত্তেও প্ৰতিষ্ঠা কৰিবলৈ বাধ্য কৰিব পাৰে। অস্বীকাৰ কৰিবলৈ মন থকাৰ পিছতো কোনো ব্যক্তিয়ে এনে প্ৰতিশ্ৰুতিৰ কাৰণে ক্ষন্তেকীয়া সম্পৰ্কত লিপ্ত হ’ব পাৰে।”
ইয়াৰ উপৰিও, উচ্চ ন্যায়ালয়ে বলাৎকাৰৰ অভিযোগত অভিযুক্ত ব্যক্তি গৰাকীক ৰেহাই দি কয় যে, “বিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে সম্পৰ্ক স্থাপন কৰিলে এটা পক্ষই ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাৰ অধীনত বলাৎকাৰৰ গোচৰ ৰুজু কৰিব পাৰে। অৱশ্যে দীঘলীয়া সময়ৰ কাৰণে নিবিড় সম্পৰ্কক বলাৎকাৰ আখ্যা দিব পৰা নাযায়।” (টাইমছ ইণ্ডিয়াত প্ৰকাশ পায় এই বাতৰি)
উল্লেখ্য যে, দিল্লী হাইকোৰ্টৰ সেই বলাৎকাৰৰ গোচৰটোত ব্যক্তিজনৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ কৰিছিল। ২০০৮চনত ব্যক্তিজনৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক হৈছিল আৰু ইয়াৰ চাৰি মাহ পিছত মানুহজনে বিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে তেওঁৰ সৈতে পলাই গৈছিল। ইয়াৰ পিছত প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কাৰণে মহিলাগৰাকীয়ে ব্যক্তিজনৰ বিৰুদ্ধে বলাৎকাৰৰ গোচৰ তৰে কিন্তু আদালতে তেওঁক নিৰ্দোষ ঘোষণা কৰে।













