![]()
দূষিত মোমোৰ পৰা খাদ্য বিষক্ৰিয়াৰ ফলত ৰেশমা বেগম নামৰ এগৰাকী ৩১ বছৰীয়া মহিলাৰ মৃত্যুৰ পিছত হায়দৰাবাদ আৰক্ষীয়ে ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। হায়দৰাবাদৰ চিংগাদা কুন্তা শাক-পাচলি বজাৰৰ এটা ষ্টলৰ পৰা বেগম আৰু আন লোকে মোমো সেৱন কৰাৰ ফলত তেওঁৰ মৃত্যু হোৱাৰ লগতে কন্যা ৰিমছা আৰু ৰফিয়াকে ধৰি আন কেইবাজনো লোকৰ ভয়াৱহ অসুস্থ হৈ পৰে।

নিজামৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভগ্নীৰ মৃত্যুৰ পিছত ৰেছমাৰ ভাতৃ তথা বঞ্জাৰা হিলছৰ বাসিন্দা ফাৰুক হুছেইনে এই শোকাৱহ ঘটনাৰ খবৰ দিয়ে।আটকাধীন ব্যক্তিকেইজন আলমাছ ওৰফে আৰমান, সাজিদ হুছেইন, মোঃ ৰাইছ, মোঃ শৰুখ, মোঃ হানীফ, আৰু মোঃ ৰাজিক নামৰ আটাইকেইজন বিহাৰৰ কিছানগঞ্জৰ আৰু খৈৰাথাবাদৰ চিন্তাল বস্তি অঞ্চলত মোমোছ ষ্টল চলাইছিল।
এই কাণ্ডৰ প্ৰতি সঁহাৰি জনাই তেলেংগানা চৰকাৰে জনস্বাস্থ্যৰ অধিক বিপদ হ্ৰাস কৰাৰ লক্ষ্যৰে কেঁচা কণীৰ পৰা তৈয়াৰী মেয়নেজৰ উৎপাদন, বিক্ৰী আৰু সংৰক্ষণৰ ওপৰত ৰাজ্যজুৰি নিষেধাজ্ঞা আৰোপ কৰিছে। খাদ্য সুৰক্ষা আয়ুক্তই ৩০ অক্টোবৰৰ পৰা এবছৰৰ বাবে কাৰ্যকৰী হোৱা এই সতৰ্কতামূলক ব্যৱস্থা প্ৰণয়ন কৰে। এই ঘটনাই মহানগৰীত খাদ্য সুৰক্ষাৰ মানদণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰিছে, কৰ্তৃপক্ষই ভৱিষ্যতে সংঘটিত হোৱা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।











