
কেপচুলত (Drugs) ভৰাই অবৈধভাৱে ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে দুজন ভাৰতীয়ৰ ওপৰত। তেওঁলোকৰ বেংক একাউণ্ট বন্ধ কৰাৰ উপৰি আমেৰিকাত তেওঁলোকৰ সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিও জব্দ কৰা হৈছে। জানিব পৰা মতে, লোক দুজনৰ নাম ছাদিক আব্বাছ হাবিব চৈয়দ আৰু মহম্মদ ইকবাল শ্বেখ। অভিযোগ অনুসৰি, তেওঁলোকে সমগ্ৰ আমেৰিকাৰ লাখ লাখ নাগৰিকক অবৈধ ড্ৰাগছ বিক্ৰী কৰিছিল।

বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ভাৰতীয় নাগৰিক দুগৰাকীয়ে আগতে অনলাইনত ঔষধ বিক্ৰী কৰিছিল। ঔষধৰ কেপচুলবোৰ ফেণ্টানিল আৰু মেথামফেটামাইনৰ দৰে অবৈধ ড্ৰাগছেৰে ভৰি পৰিছিল। সেই ‘ঔষধ’বোৰ আমেৰিকাৰ নাগৰিকৰ ওচৰলৈ যায়৷ আমেৰিকাৰ ট্ৰেজাৰী বিভাগৰ তথ্য অনুসৰি, কোম্পানীটোৰ নাম কে এছ ইণ্টাৰনেচনেল ট্ৰেডাৰ্ছ। অভিযুক্ত ইকবাল ফাৰ্মাচীখনৰ মালিক।
অভিযোগ অনুসৰি, ডমিনিকান ৰিপাব্লিক আৰু আমেৰিকাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে মিলি ছাদিক আৰু ইকবালে ভুৱা ঔষধ প্ৰস্তুত কৰিছিল। সেই ঔষধবোৰ বজাৰত বিক্ৰী কৰি ৰেহাই মূল্যৰ, আইনী ঔষধ হিচাপে বিক্ৰী কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত ড্ৰাগছৰ গোচৰত জড়িত আছিল ছাদিক আৰু ইকবাল।
কিন্তু দাবী কৰা হৈছে যে দুয়োৰে অপৰাধমূলক কাৰ্যকলাপ পোহৰলৈ অহাৰ পিছতো কে এছ ইণ্টাৰনেচনেল ট্ৰেডাৰ্ছ কোম্পানীটো বন্ধ হোৱা নাই। ইয়াৰ বিপৰীতে তেওঁলোকৰ ব্যৱসায়ত উত্থান ঘটিছে। বিষয়টো পুনৰ পোহৰলৈ অহাৰ পিছতে আমেৰিকান প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে।
আমেৰিকাত থকা ব্যক্তি দুজনৰ সকলো সম্পত্তি জব্দ কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে তেওঁলোকৰ বেংক একাউণ্ট। আমেৰিকাৰ সকলো কোম্পানীয়ে তেওঁলোকৰ সৈতে কোনো ধৰণৰ ব্যৱসায় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিৰ্দেশ মানি নল’লে অপৰাধমূলক শাস্তিৰ আশংকা থকা বুলিও সকীয়াই দিয়া হৈছে।
উল্লেখ্য যে বৃহস্পতিবাৰে আমেৰিকাই ফেণ্টানিল সৰবৰাহৰ লগত জড়িত ভাৰতীয় ব্যৱসায়ী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ ভিছা বাতিল কৰে। দিল্লীত থকা আমেৰিকাৰ দূতাবাসে এক বিবৃতিত কয় যে ভাৰতীয়সকলে নতুন ভিছাৰ বাবে আবেদন কৰিলেও তেওঁলোকক নাকচ কৰা হ’ব।
অৱশ্যে বিবৃতিটোত কোনো নাম প্ৰকাশ কৰা হোৱা নাই। কিন্তু এই সিদ্ধান্তৰ ফলত ব্যৱসায়ী আৰু তেওঁলোকৰ পৰিয়ালে ভৱিষ্যতে আমেৰিকালৈ যাব নোৱাৰিব বুলি কোৱা হৈছে। সৰবৰাহৰ লগত জড়িত কোম্পানীসমূহৰ মুৰব্বীসকলৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য হ’ব।











