![]()
থানালৈ ধর্ষণৰ অভিযোগ জনাবলৈ গৈ পুনৰ আৰক্ষী বিষয়াৰে যৌন লালসাৰ চিকাৰ হ’বলগা হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে! ৰক্ষকেই ভক্ষক হোলা এই পাশৱিক ঘটনাটি ঘটিছে উত্তৰ প্রদেশৰ ললিতপুৰত।
চাৰিজনৰ বিৰুদ্ধে গণধর্ষণৰ অভিযোগ জনাবলৈ আত্মীয়ক লগত লৈ থানালৈ গৈছিল কিশোৰীগৰাকী। জানিব পৰা মতে, গণধর্ষণৰ ঘটনাটি ঘটে ২২ এপ্রিলত।
কিশোৰাগৰাকীৰ পিতৃয়ে এফআইআৰত জনাইছে, চাৰি অভিযুক্তই লোভ দেখুৱাই তেওঁৰ কন্যাক ভূপাললৈ লৈ যায়। তাৰ পিছত একেৰাহে চাৰিদিন ধৰি ধর্ষণ কৰে। তাৰ পিছত অভিযুক্তকেইজনে কিশোৰীগৰাকীক লৈ গাঁৱলৈ উভতি আহে আৰু থানাৰ সন্মুখত নমাই দি গুচি যায়।
ইয়াৰ পিছত কিশোৰীগৰাকীয়ে এজন আত্মীয়ক লগগত লৈ থানালৈ যায়। অভিযুক্ত আৰক্ষী বিষয়াজনে জবানবন্দী ৰেকর্ড কৰাৰ বাবে কিশোকীগৰাকীক পিছদিনা আহিবলৈ কয়। দ্বিতীয় দিনা তেওঁ থানালৈ অহাৰ পিছত অভিযুক্ত আৰক্ষী বিষয়া তিলকধাৰী সৰোজে থানাৰ এটি কোঠালৈ নি কিশোৰীগৰাকীক ধর্ষণ কৰা বুলি অভিযোগ।
আটাইতকৈ আশ্চর্যকৰ কথাটো হৈছে, সমগ্ৰ ঘটনাটি ঘটে কিশোৰীগৰাকীৰ আত্মীয়জনৰ সন্মুখতে। আত্মীয়জনৰ নামতো দাখিল হৈছে অভিযোগ। অভিযুক্ত তিলকধাৰী সৰোজক সাময়িকভাৱে নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে।











