![]()
মাদ্ৰাছা (Madrasa)ৰ ১২ বছৰীয়া ছাত্ৰক ড্ৰাগছ সেৱন (Drug abuse) কৰাই শাৰীৰিক নিৰ্যাতন (Physical abuse)ৰ অভিযোগ (Complaint)। এবাৰ নহয়, বহুবাৰ। মাদ্ৰাছাৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। উত্তৰ দিল্লী (North Delhi)ৰ ঘটনা এইটো। অভিযুক্ত শিক্ষকজন বৰ্তমান পলাতক। আৰক্ষীয়ে তেওঁৰ সন্ধান আৰম্ভ কৰিছে।

ঘটনা সন্দৰ্ভত বুধবাৰে ছাত্ৰজনৰ অভিভাৱকে থানাত এজাহাৰ দাখিল কৰে। তাৰ ভিত্তিতে দিল্লী আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। অভিভাৱকে আৰক্ষীক জনোৱা মতে, ছাত্ৰগৰাকীয়ে ২০২১ চনৰ আগষ্ট মাহৰ পৰা উক্ত মাদ্ৰাছাখনতে পঢ়া-শুনা কৰি আছিল। তেওঁলোকৰ অভিযোগ অনুসৰি, ২৪ বছৰীয়া শিক্ষকজনে ছাত্ৰজনক বিভিন্ন সময়ত নিজৰ কোঠালৈ মাতিছিল। ইয়াৰ পিছত তেওঁক ড্ৰাগছ সেৱন কৰাই যৌন নিৰ্যাতন চলাইছিল।
উত্তৰ দিল্লী আৰক্ষীৰ উপ অধীক্ষক সাগৰ সিং কালচিয়ে কয়, “ছাত্ৰজনৰ সৈতে বহুবাৰ তেওঁ পায়ুপথৰ সংগম কৰিছিল। আমি এফআইআৰ দাখিল কৰিছো। অভিযুক্তক বিচাৰি পোৱা নাই। তেওঁক ধৰিবলৈ প্ৰচেষ্টা চলি আছে।” তেওঁ কয় যে শিক্ষকজনে তেওঁক ধৰ্ষণ কৰিছিল। এই সপ্তাহত পিতৃয়ে মাদ্ৰাছা চাবলৈ আহিছিল।
তাৰ পাছত তেওঁ লগত ঘৰলৈ যায়। তাতে গৈ তেওঁ পৰিয়ালক সকলো কথা কয়। লʼৰাটোৰ পৰিয়ালৰ লোকে আৰক্ষীক অভিযোগ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অভিযুক্তৰ বিৰুদ্ধে POCSO (Protection of Children from Sexual Offences) Act, 2012কে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।











