![]()
ৰাজ্যসভাত (Rajya Sabha) আম আদমী পাৰ্টিৰ সাংসদ নাৰায়ণ দাস গুপ্তাৰ এক প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (S Jaishankar) কিমান গৰাকী ভাৰতীয়ই নাগৰিকত্ব এৰিলে (Giving up Indian citizenship) তাৰ ওপৰত এক তথ্য দাখিল কৰে।

তেওঁ দাঙি ধৰা তথ্য অনুসৰি, যোৱা ২০২২ চনত ২,২৫,৬২০ গৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। ২০২১ বৰ্ষত ইয়াতকৈ অধিক অৰ্থাৎ ১.৬ লাখতকৈ অধিক ব্যক্তিয়ে নাগৰিকত্ব ত্যাগ কৰে। ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা ব্যক্তিৰ সংখ্যা ২০১২ চনত ১,২০,৯২৩ৰ পৰা ২০১৯ চনত ১,৪৪,০৭১ৰ ভিতৰত আছিল।
কিন্তু ২০২০ চনত আৰম্ভ হোৱা ক’ৰোণা মহামাৰীৰ ফলস্বৰূপে ইয়াৰ সংখ্যা তীব্ৰ গতিত হ্ৰাস পাই ৮৫,২৫৬ হয়গৈ।উল্লেখ্য যে, ২০১১ চনৰ পৰা মুঠ ১৬,৬৩,৪৪০ জন ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। ইয়াৰোপৰি, মন্ত্ৰী এছ জয়শংকৰে ১৩৫ খন দেশৰ অধিক হাৰত ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰাৰ কথা প্ৰকাশ কৰে।










